ETV Bharat / state

পৰ্যটকৰ বাবে 4 অক্টোবৰৰ পৰা মুকলি কৰা হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

author img

By

Published : Oct 3, 2019, 1:49 PM IST

বৃহস্পতিবাৰৰ পৰা মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ ৪ অক্টোবৰৰ ৰাতিপুৱা ৯ বজাত অনুষ্ঠানিকভাৱে দৰ্শনাৰ্থী তথা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ৰাষ্ট্ৰীয় উদ্যানখন ৷

পৰ্যটকৰ বাবে 4 অক্টোবৰৰ পৰা মুকলি কৰা হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

বাক্সা, 3 অক্টোবৰঃ পৰ্যটকৰ বাবে আহিছে সুখবৰ ৷ বৃহস্পতিবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যানখন ৷ বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশদ্বাৰ ৪ অক্টোবৰৰ ৰাতিপুৱা ৯ বজাত অনুষ্ঠানিক ভাৱে দৰ্শনাৰ্থী তথা পৰ্যটকৰ বাবে মুকলি কৰিব বিটিচিৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে । এই কথা জানিবলৈ দিছে বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰক্ষ্মই ৷ উক্ত দিনাই ৰাষ্ট্ৰীয় উদ্যানখনত কেন্দ্ৰীয়ভাবে উদযাপন সাতদিনীয়া কাৰ্যসূচীৰে 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈ চলিবলগীয়া 65 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰো উদ্বোধন কৰা হ'ব ৷ চলিত বৰ্ষৰ 15 জুনৰ পৰা পৰ্যটকৰ বাবে সম্পূৰ্ণ ৰূপে বন্ধ কৰি ৰখা হৈছিল ৰাষ্ট্ৰীয় উদ্যানখন ।

4 অক্টোবৰৰ পৰা মুকলি কৰা হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

উল্লেখ্য যে, 2018-19 বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান খনলৈ অহা দৰ্শনাৰ্থীৰ সংখ্যা আছিল 42,329 গৰাকী ইয়াৰে ৪২,৩২৯ গৰাকী দেশীয় পৰ্যটক আৰু 658 গৰাকী বিদেশী পৰ্যটক । যাৰ পৰা উদ্যানখনে অৰ্জন কৰা সৰ্বমুঠ ৰাজহৰ পৰিমাণ আছিল 1,06, 63,500 টকা । ইয়াৰে ভিতৰত দেশীয় পৰ্যটকৰ পৰা 93,58,497 টকা আৰু বিদেশী পৰ্যটকৰ পৰা 6,24, 428 টকা লাভ কৰিছে ৷ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ যান-বাহনৰ পৰা উদ্যান কৰ্তৃপক্ষই লাভ কৰিবলৈ সক্ষম হৈছিল 6,80,575 টকা । ইতিমধ্যে, ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ মুকলি কৰাৰ বাবে বিভিন্ন ৰঙেৰে আটক ধুনীয়াকৈ সজাই পৰাই তুলা হৈছে ।

Intro:কাইলৈ মুকলি কৰিব মানাহ ৰাষ্ট্ৰীয় উদ্যান।

Body:বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান খনৰ বাহবাৰী ৰেঞ্জৰ দ্ধিতীয় প্ৰৱেশ দ্বাৰ কাইলৈ অনুষ্ঠানিক ভাৱে দৰ্শনাৰ্থী তথা পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খন মুকলি কৰিব বিটিচিৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে। বাহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰক্ষ্মই জানিবলৈ দিয়া মতে ইতিমধ্যে ৫৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহ সাতদিনীয়া কাৰ্য্যসুচীৰ তৃতীয় দিন আজি অহা ৭ অক্টোবৰত অন্ত পৰিব এই কাৰ্য্যসূচী । ২০১৮-১৯ বিত্তীয় বৰ্ষত উদ্যানখনলৈ ৪২,৩২৯ গৰাকী দেশীয় পৰ্যটক আৰু ৬৫৮ গৰাকী বিদেশী পৰ্যটক মানাহ ৰাষ্ট্ৰীয় উদ্যান খনলৈ আহিছিল। যাৰ পৰা উদ্যান কতৃপক্ষই লাভ কৰে সৰ্বমুঠ ৰাজহৰ পৰিমাণ ১, ০৬,৬৩,৫০০ টকা। ইয়াৰে ভিতৰত দেশীয় পৰ্যটকৰ পৰা ৯৩, ৫৮, ৪৯৭টকা, বিদেশী পৰ্যটকৰ পৰা ৬,২৪, ৪২৮ টকা আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ যান-বাহনৰ পৰা উদ্যান কৰ্তৃপক্ষই লাভ কৰিছিল ৬,৮০, ৫৭৫ টকাৰ।Conclusion:সেয়ে ৰাষ্ট্ৰীয় উদ্যান খন বিভিন্ন ৰঙেৰে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.