ETV Bharat / state

বাক্সাৰ ভাৰত-ভূটান সীমান্তত কেঁকো সাপ উদ্ধাৰ

author img

By

Published : Jun 10, 2020, 5:45 PM IST

বাক্সাৰ ভাৰত ভূটান সীমান্তৰ গুৱাবাৰীত পুনৰ উদ্ধাৰ হয় এটা কেঁকো সাপ । উদ্ধাৰ হোৱা কেঁকো সাপটো মানাহ ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে বন বিষয়াই ।

Lizard Recovered at Baksa
বাক্সাৰ ভাৰত-ভূটান সীমান্তত কেঁকো সাপ উদ্ধাৰ

বাক্সা, 10 জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীত বুধবাৰে প্ৰায় 10:30 বজাত উদ্ধাৰ কৰে এটা কেঁকো সাপ । 24 নং এছ এছ বিৰ এটা তহলদাৰী দলে ৰাজপথত বহু লোকে জুম পাতি থকা দেখি কাষ চাপি গৈ গছৰ ডালত এটা কেঁকো দেখা পায়েই লগে লগে কুমাৰীকাটা বনাঞ্চল কাৰ্যালয়ত খবৰ দিয়ে ।

পিচত কুমাৰীকাটা বনাঞ্চল কাৰ্যালয়ৰ লোক উপস্থিত হৈ এছ এছ বিৰ সহযোগত প্ৰায় 400 গ্ৰাম ওজনৰ কেঁকো সাপটো উদ্ধাৰ কৰি বন কাৰ্যালয়লৈয় লয় আনে । দিনৰ ভাগতে কেঁকো সাপটোক মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ এৰি দিয়া হ'ব বুলি বনাঞ্চল কাৰ্যালয়ৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে দোহা আঙাৰকাটাত গাঁৱত এজন লোকৰ ঘৰৰ গছৰ ডালত তিনিটাকৈ কেঁকো সাপ উদ্ধাৰ কৰা হৈছিল । ভূটানৰ পাহাৰৰ সীমান্ত হোৱা বাবে অঞ্চলটোত বিভিন্ন সময়ে সময়ে এনেদৰে কেঁকো সাপ উদ্ধাৰ হৈ অহা ঘটনা পৰিলক্ষিত হয় ।

লগতে পঢ়কঃ বাঘজানৰ তৈলখাদ বিস্ফোৰণঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.