তামুলপুৰ, ১৭ অক্টোবৰ: ৰাজ্যখনত ভয়াৱহ নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে তীব্ৰ অভিযান (Anti liquor mission by Assam police) ৷ এনে অভিযানৰ মাজতো একাংশ সুৰা সৰবৰাহকাৰীয়ে চলাই আছে অৰুণাচলী আৰু ভূটানী সুৰাৰ ৰমৰমীয় ব্যৱসায় । তামুলপুৰ জিলাতো সুৰা সৰবৰাহকাৰীৰ টিঘিলঘিলনীয়ে অতিষ্ঠ কৰিছে জনসাধাৰণক। ইয়াৰ মাজতে দেওবাৰে জব্দ কৰে ভূটানী সুৰা ।
গোৰেশ্বৰৰ টেঙাঝাৰত (liquor sized at Tengazar in Goreswar) দেওবাৰে নিশা অবৈধ ভূটানী সুৰা জব্দ কৰে আৰক্ষীয়ে (Illegal liquor sized in Goreswar)। গোৰেশ্বৰ আৰক্ষীয়ে (Goreswar police seized bhutani liquor) গোপন সুত্ৰৰ পম খেদি জব্দ কৰে অবৈধ সুৰাখিনি । AS-28-C-6536 নম্বৰৰ এখন টেম্প'ত আনি থকা অৱস্থাত ২৬ কাৰ্টন অবৈধ সুৰা আৰক্ষীয়ে টেঙাঝাৰত আধাবাটতে আগুচি ধৰি জব্দ কৰে । অৱশ্য়ে সুযোগ বুজি টেম্প'ত থকা লোকজনে পলায়ন কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে টেম্প'খনৰ লগতে AS-01-DK-3893 নম্বৰৰ এখন মটৰ চাইকেল ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ।
জব্দ হোৱা সুৰাখিনি ক'ৰ পৰা ক'লৈ লৈ গৈ আছিল এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে গোৰেশ্বৰ অঞ্চলৰ লগতে আশে-পাশে এতিয়া সহজলভ্য হৈ পৰিছে ভূটানৰ সুৰা (Illegal bhutani liquor available at goreswar)।
লগতে পঢ়ক:Driver Arrested in Barpeta : হাতত আৰক্ষীৰ বন্দুকন্দু লৈ ফটো আপলোড দিয়া গাড়ী চালকক গ্ৰেপ্তাৰ