ETV Bharat / state

সুখবৰ: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা - leopard population increased in manas national park

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে 'ৰয়েল বেঙ্গল টাইগাৰ' অৰ্থাৎ ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা । "কেমেৰা টেপিং" প্ৰযুক্তিমূলক অনুসন্ধানৰ জৰিয়তে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যাৰ বিষয়ে চলোৱা এক অনুসন্ধানমূলক গণনা কাৰ্যত পোহৰলৈ আহিছে ৷

As_baksa_tigher_manash_vis1_to_vis8_as10029
সুখবৰ: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ঢেঁকীয়াপটীয়া বাঘৰ সংখ্যা
author img

By

Published : May 23, 2021, 4:19 PM IST

Updated : May 23, 2021, 8:07 PM IST

বাক্সা, ২৩ মে': ৰাজ্যৰ বন্য প্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ । বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সকলো প্ৰকাৰৰ জীৱ-জন্তুৰ সংখ্যা আশানুৰূপ ধৰণে বৃদ্ধিৰ সমান্তৰালকৈ বৃদ্ধি পাইছে 'ৰয়েল বেংগল টাইগাৰ' অৰ্থাৎ ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা ।

"কেমেৰা টেপিং" প্ৰযুক্তিমূলক অনুসন্ধানৰ জৰিয়তে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যাৰ বিষয়ে চলোৱা এক অনুসন্ধানমূলক গণনা কাৰ্যৰ অন্তত বৰ্তমান পোৱালিৰে সৈতে ৪৫ টা ঢেঁকীয়াপতীয়া বাঘৰ উপস্থিতি নিশ্চিত কৰা গৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ।

২০১০ বৰ্ষৰ গণনাত উদ্যানখনত ১০ টাকৈ ঢেঁকীয়াপতীয়া বাঘ পোৱা গৈছিল ৷ নিয়ম অনুসৰি ১০ বছৰৰ মূৰত এই সংখ্যা ২০ হ'ব লাগিছিল যদিও ২০১৯-২০ বৰ্ষৰ গণনাত এই সংখ্যা দুগুণৰ সলনি তিনিগুণ অৰ্থাৎ ৩০ টালৈকে বৃদ্ধি পায় ৷

উদ্যানখনত বাঘৰ সংখ্যা এনেদৰে বৃদ্ধি পোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় এক সংস্থা 'গ্লোবেল টাইগাৰ ফ'ৰাম' চমুকৈ জি টি এফ য়ে যুটীয়াভাৱে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ভূটানৰ ৰাষ্ট্ৰীয় উদ্যান 'ৰয়েল মানস' লৈ আগবাঢ়াইছিল সন্মানীয় 'কনজাৰ্‌ভেশ্যন এক্সিলেঞ্চ এৱাৰ্ড-২০২০' ৷

সুখবৰ: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ঢেঁকীয়াপটীয়া বাঘৰ সংখ্যা

২০২০ ৰ পিছত প্ৰায় এটা বছৰৰ ব্যৱধানত ১৫ টাকৈ পোৱালিৰে উদ্যানখনত ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা বৃদ্ধি হৈ বৰ্তমান এই সংখ্যা ৪৫ টা হৈছে ৷ 'মানস ফাষ্ট এডিচন' হিচাপে চিহ্নিত এলেকাটোতো বৰ্তমান ৫ টাকৈ বাঘৰ উপস্থিতিৰ সম্ভেদ পোৱা গৈছে ৷

বিগত বৰ্ষত কৰ’নাকালীন সময়ছোৱাত প্ৰায় সাতমাহকাল বন্ধ হৈ আছিল ৰাষ্ট্ৰীয় উদ্যানখন ৷ বিগত বৰ্ষৰ ২ অক্টোবৰ তাৰিখে উদ্যানখন পুনৰ মুকলি কৰি দিয়া হৈছিল পৰ্যটকৰ বাবে ।

কিন্তু কৰ’ণাৰ দ্বিতীয় লহৰে সমগ্ৰ দেশখনকেই স্তব্ধ প্ৰায় কৰি তোলাত বৰ্তমান চলিত মাহৰ ৫ তাৰিখৰ পৰা পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান । ঢেকীয়াপটীয়া বাঘৰ বংশ বৃদ্ধিয়ে স্বাভাৱিকতেই উৎফুল্লিত কৰি তুলিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে প্ৰকৃতি প্ৰেমী সকলক ৷

উল্লেখ্য যে, বিগত বৰ্ষত কৰ’ণা মহামাৰীৰ সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখন প্ৰায় সাতমাহ বন্ধ থকাৰ পিছত যোৱা বছৰৰ ২ অক্টোবৰ তাৰিখে উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল । কিন্তু বৰ্তমান কৰ’ণাৰ দ্বিতীয় লহৰে সমগ্ৰ দেশখনকেই প্ৰায় স্তব্ধ কৰি তোলাৰ ফলত পুনৰ চলিত মাহৰ ৫ তাৰিখৰ পৰা উদ্যানখন পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ।

পৰ্যটকসকলৰ অহা-যোৱা সম্পূৰ্ণৰূপে বন্ধ থকাত উদ্যানখনত জীৱ-জন্তুৰ বংশবৃদ্ধিৰ ক্ষেত্ৰত অনুকুল প্ৰভাৱ পৰা বুলি অনুমান কৰা হৈছে । তদুপৰি উদ্যানখনৰ বৰনদ্দী বন্য প্ৰাণী এলেকাতো বৰ্তমান এটা বাঘৰ উপস্থিতিৰ সম্ভেদ পোৱাটোও দৰাচলতেই প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক আশাৰ বতৰা বুলি মন্তব্য কৰিছে উদ্যানখনৰ সঞ্চালক অমল কুমাৰ শৰ্মাই ।

লগতে পঢ়ক: বাক্সাৰ তামুলপুৰত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

Last Updated : May 23, 2021, 8:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.