বাক্সা, ১১ অক্টোবৰ: 'পুৰুষ আৰু প্ৰকৃতি - ইয়াৰে এটাৰ অবিহনেও সৃষ্টি অসম্ভৱ ৷ মন্দিৰত বহিলেই ভগৱানৰ সাক্ষাৎ লাভ কৰিব নোৱাৰি ৷ জাকজমকতাৰে পূজাপাতল কৰিলেই ভগৱান সন্তুষ্ট নহয় ৷ ভগৱানক পাবলৈ হলে শ্ৰদ্ধাবান হব লাগিব ৷'- এই মন্তব্য অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীৰ(Vice President of Asom Sahitya Sabha mrinalini devi)৷
মংগলবাৰে বাক্সা জিলাৰ কুছিজাৰৰ শ্ৰী শ্ৰীলক্ষ্মী পুজা মহোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ তৃতীয় দিনাৰ কাৰ্যসূচীত স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি এইদৰে কয় ৷ স্মৃতিগ্ৰন্থ "লক্ষ্মী জ্যোতি" উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ উপ-সভানেত্ৰীগৰাকীয়ে "লক্ষ্মী জ্যোতি" ৰ জ্যোতিয়ে সকলোকে উজ্বলাই তুলিব বুলি আশাব্যঞ্ছক মন্তব্য প্ৰদান কৰে ৷
লেখকসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত দেৱীয়ে ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি উল্লেখ কৰি গ্ৰন্থই মানুহক চিৰযুগমীয়া কৰি ৰাখিব পাৰে বুলি কয় ৷ সকলোকে প্ৰাচীন সাহিত্যক আকোঁৱালি লবলৈ আহ্বান জনোৱাৰ লগতে গ্ৰন্থ সকলোৰে বন্ধু বুলি মন্তব্য কৰে ৷ নৱ প্ৰজন্মই প্ৰাচীন গ্ৰন্থ ৰামায়ণ, মহাভাৰত অধ্যয়ন কৰাটো উচিত বুলি দেৱীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে ৷
অসম সাহিত্য সভাৰ উপ সভানেত্ৰীগৰাকীয়ে ভাষণ প্ৰসঙ্গত পুনৰ কয় যে বেদ-গীতাৰ কথা মানুহে পাহৰি গৈছে ৷ লগতে মহাপুৰুষ দুজনাৰ পাছত ভাৰতবৰ্ষই পুনৰ তেনে ক্ষণজন্মা পুৰুষক জন্ম দিব পাৰিছেনে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি কীৰ্তন ঘোষা আৰু নাম ঘোষাৰ বিষয়ে নামঘৰত আলোচনা কৰাৰ পোষকতা কৰে মৃণালিনী দেৱীয়ে ৷
![Laxmi puja celebrated in Baksa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-baksa-souvenir-vis1-to-vis6-as10029_11102022204554_1110f_1665501354_648.jpg)
আধ্যাত্মিক শক্তিয়ে ভাৰতবৰ্ষক অধিক শক্তিশালী কৰি গঢ়ি তুলিছে বুলি মত প্ৰকাশ কৰে মৃণালিনী দেৱীয়ে ৷ ছপা মাধ্যমৰ বিপৰীতে বৰ্তমান সময়ত ইণ্টাৰনেটৰ যোগেদি গ্ৰন্থ পঢ়াৰ যি এক পৰিৱেশ অথবা প্ৰজন্মৰ মাজত মানসিকতা গঢ়ি উঠিছে সেয়া ভবিষ্যতৰ বাবে বিপদজনক বুলি দোহাৰে ৷ মঙলবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো(Bodoland Territorial Region), প্ৰাক্তন সমাজকল্যাণ মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পৱিত্ৰ শৰ্মা ৷ ইয়াৰোপৰি সভাখনত উপস্থিত থাকে মুছলপুৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, গৰ্ডন হাইস্কুলৰ প্ৰাক্তন শিক্ষক শংকৰ দাস, উদযাপন সমিটিৰ সম্পাদক কন্দৰ্প কলিতা প্ৰমুখ্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷
সভাৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই স্মৃতিগ্ৰন্থ "লক্ষ্মী জ্যোতি" ৰ সম্পাদক মহিধৰ কলিতাই আৰু অনুষ্ঠানটোৰ আঁত ধৰে সাগৰিকা গোস্বামীয়ে ৷
লগতে পঢ়ক: Missing youth recovered: অৱশেষত উদ্ধাৰ লাংভুকু জলপ্ৰপাতত চেলফি উঠিবলৈ গৈ নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ