ETV Bharat / state

তৃণমূল কংগ্ৰেছে কাক প্ৰক্ষেপ কৰিব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ?

author img

By

Published : Aug 21, 2021, 4:04 PM IST

পশ্চিমবংগত তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছত মমতা বেনাৰ্জীয়ে সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্ততো দলটো শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে ৷ বিশেষকৈ ত্ৰিপুৰা, অসমত ইতিমধ্যে দলটোৰ প্ৰতিনিধিয়ে বিভিন্ন আঞ্চলিক-ৰাষ্ট্ৰীয় দলৰ নেতা-বিধায়কৰ লগত আলোচনা কৰা পৰিলক্ষিত হৈছে ৷ বৰাকৰ প্ৰাক্তন কংগ্ৰেছ সাংসদ নেত্ৰী সুস্মিতা দেৱৰ পাছত এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই তৃণমূল কংগ্ৰেছলৈ গমণ কৰাৰ ইংগিত দিছে ৷

kokrajhar-lok-sabha-constituency-mp-naba-kumar-sarania-reaction
তৃণমূল কংগ্ৰেছে মোক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব : নৱ কুমাৰ শৰণীয়া

বাক্সা, 21 আগষ্ট: সমাগত বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে অন্যান্য ৰাজনৈতিক দলসমূহৰ দৰে গণ সুৰক্ষা পাৰ্টীও তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷ বাক্সা জিলাৰ বৰমাত শুকুৰবাৰে গণ সুৰক্ষা পাৰ্টীৰ বাক্সা জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয় । সভাত সমাগত বিধানসভাৰ উপ নিৰ্বাচন তথা দলীয় কাম-কাজ সম্পৰ্কে বিস্তৃত আলোচনা হয় ।

সভাখনত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা গণ সুৰক্ষা পাৰ্টী অসমৰ সভাপতি নৱ কুমাৰ শৰণীয়াই উপস্থিত থাকি দলীয় কৰ্মকৰ্তাসকলৰ পৰা পৰামৰ্শ লয় । সভাৰ অন্তত সাংসদগৰাকীয়ে সমাগত বিধানসভাৰ উপ-নিৰ্বাচন সন্দৰ্ভত 21 আগষ্টত গুৱাহাটীত অনুষ্ঠিতব্য বৰ্দ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত পৰ্যবেক্ষকক বাচনি কৰি ৰাইজৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়ে ।

ইপিনে অবড়ো সুৰক্ষা সমিতি সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে অবড়ো সুৰক্ষা সমিতি গণ সুৰক্ষা পাৰ্টীৰে এটা ভাতৃ সংগঠন । গতিকে গণ সুৰক্ষা পাৰ্টীৰ লগত যি ভুল বুজাবুজি হৈছে সেই সকলোবোৰ কম দিনৰ ভিতৰত মীমাংসা হৈ যাব । কোনোবাই যদি অবড়ো সুৰক্ষা সমিতিত থাকিব নিবিচাৰে তেওঁ ওলাই গ’লেও আপত্তি নাই বুলি কয়‌ সাংসদগৰাকীয়ে । অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমব্ৰম আৰু সম্পাদক মাধৱ ৰাজবংশীৰ বাহিৰে বাকী কৰ্মকৰ্তা সকল সাংসদগৰাকীৰ পক্ষতে আছে বুলিও জানিবলৈ দিয়ে ।

আনপিনে সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত তৃণমূল কংগ্ৰেছৰ সৈতে তেওঁৰ ব্যক্তিগত এক সু-সম্পৰ্ক আছে বুলি কোৱাৰ লগতে অসমত তৃণমূল কংগ্ৰেছৰ প্ৰয়োজন আহিছে বুলিও গুৰুত্বপূ্ৰ্ণ মন্তব্য আগবঢ়ায় সাংসদ গৰাকীয়ে । ইতিমধ্যে সাংসদ গৰাকীয়ে তৃণমূল কংগ্ৰেছৰ সৈতে কেইবালানিও সৌহাৰ্দপূৰ্ণ আলোচনাত মিলিত হোৱা কথা উল্লেখ কৰি তৃণমূল কংগ্ৰেছে পৰৱৰ্তী সময়ত তেওঁক মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰিব বুলিও মন্তব্য কৰে ।

সাংসদ গৰাকীয়ে লগতে কয় যে, বিজেপিয়ে বিপিএফৰ দুৰ্বলতাৰ সুযোগ লৈছে । বিপিএফ দলে খোজ কাঢ়িলেই ৰত্নাকৰ নাইবা বাল্মিকী হ'ব পাৰে বুলিও তেওঁ কটাক্ষ কৰে । হাগ্ৰামা মহিলাৰীসহ বিপিএফ দল যদি বিজেপিলৈ নাযায়, তেন্তে হাগ্ৰামা মহিলাৰী জেলত যোৱাটো খাটাং বুলি মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ।

লগতে পঢ়ক : অইল ইণ্ডিয়া লিমিটেডক পুনৰ ভাবুকি আলফা(স্বা) ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.