ETV Bharat / state

গুৱাহাটীৰ পৰা অপহৃত ব্যক্তিক বাক্সাত উদ্ধাৰ - তামুলপুৰ আৰক্ষীৰ বৃহৎ সফলতা

তামুলপুৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ ভাৰত ভূটান সীমান্তৰ বগাজুলিৰ পৰা উদ্ধাৰ হ'ল অপহৃত লোকজন ৷

গুৱাহাটীৰ পৰা অপহৃত লোকক বাক্সাত উদ্ধাৰ
author img

By

Published : Oct 13, 2019, 11:48 PM IST

বাক্সা,13 অক্টোবৰ: অৱশেষত দেওবাৰে তামুলপুৰ আৰক্ষীয়ে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ বগাজুলিত উদ্ধাৰ কৰিলে যোৱা 11 অক্টোবৰত গুৱাহাটীৰ পৰা গাড়ীসহ দুৰ্বিত্তই অপহৰণ কৰা জয়দেৱ চৌধুৰীক ৷ তথ্য অনুসৰি গোপন সুত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আজাৰা থানাৰ আৰক্ষী বিষয়া প্ৰাঞ্জল বৰা আৰু তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীম কলিতাৰ নেতৃত্বত বগাজুলিৰ ৪নং দোলাপাৰত চলা এক যুটীয়া অভিযান আঞ্চলটোৰ মংগল বড়ো নামৰ এজন লোকৰ ঘৰৰ পৰা পুলিচে উদ্ধাৰ কৰে অপহৃত জয়দেৱক ৷ ইফালে অপহৃত জয়দেৱে দিয়া তথ্যৰ ভিত্তিত আৰক্ষীয়ে মহানগৰীৰ ফটাশিল আমবাৰীৰ পৰা আটক কৰে অপহণকাৰী সুজালাং বড়োক ৷ ধৃত বড়োৰ ঘৰ বাক্সা জিলাৰ চিমলাৰ ডুমৰুবুৰীত বুলি আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰিছে ৷

তামুলপুৰ আৰক্ষীৰ বৃহৎ সফলতা

উল্লেখযোগ্য যে, 11 অক্টোবৰত বাক্সা জিলাৰ তামুলপুৰ-ঘগ্ৰাপাৰা গড়কাপ্তানী পথৰ তেতেলিগুৰিত পৰিতক্ত অৱস্থাত উদ্ধাৰ হৈছিল জয়দেৱ চৌধুৰীৰ এ এছ 01 জে চি 8801 নম্বৰৰ টুৰিষ্ট পাৰ্মিট থকা এল্ট গাড়ীখন ৷ ইয়াৰ পাছৰে পৰা অপহৰণকাৰীক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছিল আৰক্ষীয়ে আৰু তাৰেই ফলস্বৰূপে দেওবাৰে আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷

Intro:বাক্সাৰ তামুলপুৰ আৰক্ষীৰ বৃহৎ সাফল্য --- গুৱাহাটীৰ পৰা অপহৃতক উদ্ধাৰ

Body:বাক্সা জিলাৰ তামুলপুৰ --- ঘগ্ৰাপাৰ গৰকাপ্তানী পথৰ তেতেলিগুৰিত যোৱা ১১ অক্টোবৰত এখন টুৰিষ্ট পাৰ্মিট থকা গাড়ী উদ্ধাৰ কৰা হৈছিল । গাড়ীখন উদ্ধাৰক লৈ অঞ্চলব্যাপী সৃষ্টি হৈছিল তীব্ৰ উটকন্ঠ আৰু চাঞ্চল্যৰ । কিন্তু ইয়াৰ মাজতেই আজি গুৱাহাটীৰ পৰা টুৰিষ্ট পাৰ্মিট থকা এল্ট গাড়ীখনৰ ( এছ -০১ - জে চি -৮৮০১) গৰাকী জয়দেৱ চৌধুৰীক তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ বগাজুলিত উদ্ধাৰ কৰা হয় ৷ জানিব পৰা মতে বগাজুলিৰ ৪নং দোলাপাৰৰ মংগল কাৰ্তিক বড়োৰ ঘৰত উদ্ধাৰ কৰা হয় অপহৃত লোকজনক ৷ উল্লেখযোগ্য যে ১১ অক্টোবৰত গুৱাহাটীৰ পৰা গাড়ী সহ কোনো দুৰ্বৃত্তই অপহৰন কৰিছিল জয়দেৱ চৌধুৰীক ৷ গুৱাহাটী ফটাশিল আমবাৰী আৰু তামুলপুৰ আৰক্ষীৰ যৌথ অভিযানত আজি অপহৰন কাৰীক গুৱাহাটীত আটক কৰা হয় ৷
অপহৰনকাৰীজন বাগসা জিলাৰ চিমলাৰ ডুমৰুবুৰীৰ সুজালাং বড়ো (২৭) বুলি জানিব পৰা গৈছে । আজি অপহৰনকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত গাড়ীচালক তথা গাড়ীখনৰ গৰাকী জয়দেৱ চৌধুৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।Conclusion:উল্লেখ্য যে আজাৰাৰ আৰক্ষী বিষয়া প্ৰাঞ্জল বৰা আৰু তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতাৰ নেতৃত্বত অপহৃত ব্যক্তিজনক উদ্ধাৰৰ বাবে বিগত সময়চোৱাত অভিযান কৰা তীব্ৰতৰ কৰি তোলা হৈছিল ।

byte

Ajit Rabha BAKSA
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.