বাক্সা, 4 জানুৱাৰীঃ আন্দোলন প্ৰতিবাদৰ মাজতে ৰাজ্যত আৰম্ভ হৈছে খেলো ইণ্ডিয়াৰ প্ৰস্তুতি। তৃতীয় খেলো ইণ্ডিয়া কাৰ্যক্ৰমৰ শিখা সমদলৰ শুভাৰম্ভ হ'ল বাক্সা জিলাৰ মুছলপুৰত । শনিবাৰে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা তৃতীয় খেলো ইণ্ডিয়া কাৰ্য্যক্ৰমৰ শিখা সমদলৰ শুভাৰম্ভ কৰে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই । অসমৰ ভিতৰত নলবাৰী জিলাৰ পাছতে বাক্সা জিলাৰ সদৰ মুছলপুৰত এই শিখা সমদলৰ শুভাৰম্ভ কৰা হয় । শিখাৰ প্ৰজ্বলক মুছলপুৰ মহকুমা ক্ৰীড়া বিষয়া গজেন দাসে শিখাটি অৰ্পণ কৰে জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাৰ হাতত। শিখা সমদলত আন্তৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ কল্পনা চৌধুৰী,জিন্টু গগৈ ,অতিৰিক্ত উপায়ুক্ত মৃগাংক চৌধুৰী , সহ আয়ুক্ত জয়ন্ত দত্ত, মানৱেন্দ্ৰ ভৰালীৰ লগতে বহু খেলুৱৈ আৰু ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়কঃ কামপুৰত আৰু গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ