বৰমা,11অক্টোবৰ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সাৰ বাঁহবাৰীৰ বাকৰিও মুখৰিত হ'ল ঝুমুৰেৰে ৷ দেওবাৰে বাঁহবাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাঁহবাৰী আদিবাসী ৰাইজৰ সহযোগত পালন কৰা হয় আদিবাসী সকলৰ জাতীয় উৎসৱ কৰম পূজা ৷
কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে চৰকাৰী নীতি-নিয়ম মানি অনুষ্টুপীয়াকৈ পালন কৰা হয় এই অনুষ্ঠান ৷ ঝুমুৰ, গীত-মাত, নৃত্যৰ সমাহাৰেৰে সাংস্কৃতিক শোভাযাত্ৰা কৰি বাঁহবাৰীৰ খেলপথাৰত দিনযোৰা কাৰ্যসূচীৰে এই অনুষ্ঠান পালন কৰা হয় ৷
লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ