কুমাৰীকাটা, 26 ফেব্ৰুৱাৰীঃ বাক্সাৰ কুমাৰীকাটাৰ খৈৰাণীত গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ সপ্তাহজোৰা কাৰ্যসূচীৰে শ্ৰীমদভাগৱত পুৰাণ পাঠ আৰম্ভ ৷ যুৱ প্ৰজন্মক আধ্যাত্মিক জ্ঞান দিয়াৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷
ৰাজ্যত বৃদ্ধি পোৱা অসামাজিক কাম আৰু অপায়-অমঙ্গলসমূহ নাশ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে গোৰ্খাসকলে শ্ৰীমদভাগৱত পুৰাণ পাঠৰ লগতে মহাযজ্ঞ অনুষ্ঠানৰ আয়োজন কৰি আহিছে ৷ বুধবাৰৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিৰ পতাকা উত্তোলন কৰে অঞ্চলটোৰ সমাজকৰ্মী ৰংজাখুংগুৰ বসুমতাৰীয়ে । অনুষ্ঠানৰ লগত জড়িত জল যাত্ৰা কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে সমাজকৰ্মী পদুমদাঙীয়ে আৰু অঞ্চলটোৰ প্ৰায় দুই শতাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীসকয়ে এই কাৰ্যসূচীত ভাগ লয় । উল্লেখ্য যে, এই কাৰ্যসূচীৰ জ্ঞান যজ্ঞ অনুষ্ঠানটোৰ মন্দিৰৰ শুভাৰম্ভ কৰে 26নং দৰঙাজুলী বিটিচিৰ কাৰ্য্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰীয়ে ৷
লগতে পঢ়কঃ বন্যহস্তীৰ পৰা ৰক্ষা পাবলৈ বাঙালীপাৰাত গণেশ পূজাৰ আয়োজন