ETV Bharat / state

আসন বুজাবুজিৰে নিৰ্বাচন খেলিব বিজেপি, ইউপিপিএল, জিএছপিয়ে

author img

By

Published : Mar 1, 2021, 7:42 PM IST

বাক্সাত বিজেপি, ইউপিপিএল আৰু জিএছপিৰ যৌথ সভা ৷ বিপিএফক উৎখাত কৰাৰ বাবে আসন বুজাবুজিৰে অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত তিনিওটা দলৰ ৷ আসন বুজাবুজিৰে তিনিওটা দলে বিটিআৰৰ অন্তৰ্গত বিধানসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি মন্তব্য সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷

joint meeting of bjp uppl and gsp in baksa

বাক্সা, 1 মাৰ্চ: বিটিচি পৰিষদত মিত্ৰতাৰে পৰিষদ গঠন কৰাৰ পাছত এইবাৰ পুনৰ অসম বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে অংশ ল'ব বিজেপি, ইউপিপিএল আৰু জিএছপিয়ে ৷ আগন্তুক অসম বিধানসভা নিৰ্বাচনত আসন বুজাবুজিৰ মাজেৰে নিৰ্বাচনত অংশ লোৱাৰ সিদ্ধান্ত লৈছে বিজেপি, ইউপিপিএল আৰু জিএছপিয়ে ৷ বিপিএফক বিদায় দিয়াৰ বাবে পুনৰ একত্ৰিত হৈছে তিনিওটা ৰাজনৈতিক দল ৷

বিপিএফক উৎখাত কৰাৰ বাবে আসন বুজাবুজিৰ সিদ্ধান্ত তিনিওটা দলৰ

সোমবাৰে বাক্সাত তিনিওটা দলে এখন যৌথ সভা অনুষ্ঠিত কৰে ৷ বাক্সা জিলাৰ 63 নং ছাপাগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰত এই যৌথ সভা খন অনুষ্ঠিত হয় ৷ জিএছপি দলৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়া, বিজেপি দলৰ বাক্সা জিলা সমিতিৰ সভাপতি ৰাম দাহাল আৰু বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ উপস্থিতিত প্ৰায় পাঁচ শতাধিক দলীয় কৰ্মীয়ে এই সভাত অংশ লয় ৷

সাংসদ নৱ কুমাৰ শৰণীয়াই জানিবলৈ দিয়া মতে আসন বুজাবুজিৰে তিনিওটা দলে বিটিআৰৰ অন্তৰ্গত বিধানসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷ ইউপিপিএলৰ নেতা তথা বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মইও বিপিএফ দলক শূণ্য কৰাৰ বাবে বিজেপি, ইউপিপিএল আৰু জিএছপি দলৰ সভা অনুষ্ঠিত কৰিছে বুলি জানিবলৈ দি ঐক্যৱদ্ধ ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি কয় ৷

লগতে পঢ়ক: বিপিএফৰ অৱস্থা এতিয়া দাঁত নোহোৱা সিংহৰ দৰে: প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.