বাক্সা,26 নৱেম্বৰ: ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে বিটিচিৰ নিৰ্বাচনী যুঁজ ৷ ভোটাৰক আকৰ্ষণ কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলে অৱলম্বন কৰিছে নিত্য নতুন কৌশল ৷ ৰাজ্যৰ অন্যতম ৰাজনৈতিক দল গণ সুৰক্ষা পাৰ্টীয়ে এইবাৰ যাদুৰে চমক সৃষ্টি কৰি কাষ চাপিব খুজিছে ভোটাৰৰ ৷
বৃহস্পতিবাৰে বিটিচিৰ শুক্লাই চেৰফাং সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী মণিন্দ্ৰ ডেকাৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত দেখা যায় যাদু সম্ৰাট বিক্ৰমক ৷ যাদু শিল্পীগৰাকীয়ে বিভিন্ন যাদুৰ চমকেৰে ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰি বিটিআৰত কৌশলপূৰ্ণভাৱে নিৰ্বাচনী প্ৰচাৰ চলায় ৷
উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকে গণ সুৰক্ষা পাৰ্টীৰ উপ-সভাপতি কৰ্ণ বিমলী, উপদেষ্টা হেমপ্ৰভা দেৱী, বৰমা সমষ্টিৰ প্ৰাক্তন বিধায়ক পানীৰাম ৰাভা, তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক কন্দৰ্প ডেকাকে ধৰি বহু কেইগৰাকী নেতা ৷
লগতে চাওকঃ ঢেকীয়াজুলিত পথ দুৰ্ঘটনা : থিতাতে নিহত দুই