ETV Bharat / state

লাফিকুলৰ হত্যাৰ চাৰি বছৰ : ন্যায়ৰ দাবীত abmsu ৰ মানৱ শৃংখল - দিল্লীৰ যন্তৰ-মন্তৰ

দেওবাৰে চাৰিবছৰ সম্পূৰ্ণ হ’ল এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ ৷ কিন্ত বিগত চাৰি বছৰে চৰকাৰৰ বিয়াগোম তদন্তকাৰী বিভাগসমূহে লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ব কৰাত ব্যৰ্থ হয় ৷ তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজেই প্ৰথমে SIT ক আৰু পিচত CID ক এই ঘটনাৰ তদন্ত দায়িত্ব অৰ্পণ কৰিছিল ৷ কিন্তু আজিলৈকে এই হত্য়াকাণ্ডৰ অভিযুক্তই শাস্তি লাভ নকৰিলে ৷

investigation into the murder of lafikul islam ahmed claimed abmsu
লাফিকুলৰ হত্যাৰ চাৰি বছৰ : ন্যায়ৰ দাবীত এ বি এমছুৰ মানৱ শৃঙ্খল
author img

By

Published : Aug 1, 2021, 7:33 PM IST

বাক্সা, ১ আগষ্ট : বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত কালপানীত দেওবাৰে শালবাৰী জিলা ABMSU য়ে প্ৰয়াত লাফিকুল ইছলামৰ হত্যা (Lafikul Islam murder case)ৰ ন্যায় বিচাৰি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । শালবাৰী জিলা এ বি এমছু (ABMSU) ৰ সদস্যসকলে লাফিকুল হত্যাৰ ন্যায়ৰ দাবীত প্ৰতিবাদস্থলীত ৰাজহুৱা দোৱা জনোৱাৰ লগতে মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তেওঁলোকে বগা কাগজত লাফিকুল হত্যাৰ ন্যায় লাগে, চিবিআই(CBI) তদন্ত ৰাজহুৱা কৰক, এবিএমছু জিন্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গান লিখি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠনটোৰ নেতৃবৃন্দই চৰকাৰে শীঘ্রেই যদি লাফিকুল ইছলামৰ হত্যাৰ ন্যায় নিদিয়ে তেন্তে অনাগত দিনত বৃহৎ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

উল্লেখ্য যে, ২০১৭ চনৰ ১ আগষ্টত কোকৰাঝাৰৰ মাজমজিয়াত দিন দুপৰতে দুৰ্বৃত্তই এবিএমছুৰ সভাপতি লাফিকুল ইছলামক গুলীয়াই হত্যা কৰিছিল ৷ সংগঠনটোৰ নেতৃবৃন্দই সদৰী কৰা অনুসৰি লাফিকুলৰ হত্যাকাণ্ডৰ ঘটনাৰ সমসাময়িক পৰিৱেশত বিজেপি চৰকাৰে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল । অসম আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া অনুৰাগ টাংখাৰ নেতৃত্বত বিশেষ তদন্তকাৰী দল গঠন কৰি দিয়া হৈছিল ।

লাফিকুলৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াৰ সৈতে চিআইডি জড়িত হৈ পৰিছিল ।

লাফিকুলৰ হত্যাৰ চাৰি বছৰ

অৱশেষত সৰ্বস্তৰৰ জনতাৰ প্ৰতিবাদত সেও মানি চৰকাৰে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চিবিআই (CBI)লৈ হস্তান্তৰ কৰে । কিন্তু দূৰ্ভাগ্যজনকভাৱে লাফিকুলৰ হত্যাকাণ্ডই দেওবাৰে চাৰিবছৰ অতিক্ৰম কৰাৰ পিছতো প্ৰশাসনে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দূৰৈৰ কথা ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰিবলৈ সক্ষম নহ’ল । এই সময়ছোৱাত এবিএমছুৱে অসমৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰলৈ গৈ ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ কিন্তু বিজেপি নেতৃত্বাধীন অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে সংগঠনটোৰ নেতৃবৃন্দই ।

লগতে পঢ়ক : সংখ্যালঘু নেতা বাবেই হোৱা নাই নেকি লাফিকুল হত্যাৰ সঠিক তদন্ত?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.