ETV Bharat / state

বাক্সাত অনুষ্টুপীয়াকৈ অনুষ্ঠিত ইণ্ডো-ভূটান বন্ধুত্ব মেলা

author img

By

Published : Jan 17, 2021, 4:33 PM IST

ক‘ৰণা মহামাৰীৰ ভয়াৱহতাৰ বাবে চলিত বৰ্ষত অনুষ্টুপীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় ইণ্ডো-ভূটান বন্ধুত্ব মেলা ৷ বাক্সা জিলাৰ সুৱনখাটাত প্ৰতি বছৰে উলহ মালহেৰ আয়োজন হৈ আহিছিল এই মেলা ৷

indo-bhutan-friendship-mela
বাক্সাত অনুষ্টুপীয়াকৈ পালন ইণ্ডো-ভূটান বন্ধুত্ব মেলা

বাক্সা, ১৭ জানুৱাৰী : বাক্সা জিলাৰ ঐতিহাসিক ভাৰত-ভূটান বন্ধুত্ব মেলা ক'ভি়ড প্ৰ'টকলৰ বাবে চলিত বৰ্ষত অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷ মেলাৰ ঐতিহ্য ৰক্ষা কৰি দেওবাৰে দিনজোৰা অনুষ্টুপীয়া কাৰ্যসূচীৰে সুৱনখাটা ভাৰত-ভূটান বন্ধুত্ব মেলা উদযাপন সমিতিয়ে উদযাপন কৰে এই মেলা ৷ পুৱা পতাকা উত্তোলন আৰু মন্দিৰত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি ধঙাৰাম বড়োৱে ৷

সভাপতি বড়োৱে কয় যে, কৰ‘ণা মহামাৰীৰ কাৰণে এইবাৰ ভাৰত-ভূটান বন্ধুত্ব মেলা উলহ-মালহেৰে অনুষ্ঠিত নহ’লেও পূৰ্বৰ দৰে ভূটানৰ সৈতে সুৱনখাটা অঞ্চলৰ বিভিন্ন জাতি গোষ্ঠীৰ বন্ধুত্ব অটুত থাকিব ৷ ইফালে শিল্পী দিৱসৰ লগত সংগতি ৰাখি জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে স্থানীয় সমাজসেৱক ৰমেশ চন্দ্ৰ দাসে ৷

লগতে পঢ়ক: প্ৰাসংগিক প্ৰেক্ষাপটত এইবাৰৰ অতিথি অসম প্ৰদেশ কংগ্ৰেছৰ এগৰাকী সাধাৰণ সম্পাদক ৰূপক শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.