বাক্সা, 20জানুৱাৰীঃ বাক্সাৰ ভাৰত-ভূটান বন্ধুত্ব মেলাত উদুলি মুদুলি পৰিৱেশ ৷ বাক্সা জিলাৰ সুৱনখাটাত ৬৮ সংখ্যক মাঘ মেলাৰ লগতে অনুষ্ঠিত হৈ আছে দশম ভাৰত-ভূটান বন্ধুত্ব মেলা ৷ মেলাৰ তৃতীয় দিনতো ভাৰত-ভূটান বন্ধুত্ব মেলালৈ সোঁত বৈছে অগণন লোকৰ ৷
কমিটিৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, ৰাইজৰ সুবিধাৰ কাৰণে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ কহিনুৰ থিয়েটাৰে বিনামূলীয়াকৈ প্ৰদৰ্শন কৰিছে এই ভাৰত-ভূটান বন্ধুত্ব মেলাত ৷ অসমৰ বিভিন্ন জিলাৰ পৰা ৰাইজ আহি ভিৰ কৰিছেহি ভাৰত-ভূটান বন্ধুত্ব মেলাত ৷ বহু নিশালৈকে বিভিন্ন সাংস্কৃতিক দলে প্ৰদৰ্শন কৰিছে নিজৰ কৃষ্টি-সংস্কৃতি ৷ অহা ২৪ জানুৱাৰীলৈকে চলিব লগা দশম ভাৰত -ভূটান বন্ধুত্ব মেলাত অসমৰ সকলো ৰাইজকে অংশ গ্ৰহণ কৰিবলৈ কমিটিয়ে আহ্বান জনাইছে ৷
লগতে পঢ়কঃ থলুৱা লোক কলা-সংস্কৃতিৰে জিলিকি উঠিব খেলো ইণ্ডিয়াৰ সামৰণি অনুষ্ঠান