ETV Bharat / state

ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু বড়োলেণ্ডৰ বিৰোধিতা কৰিমঃ মুন কুমাৰ বসুমতাৰী - মুন কুমাৰ বসুমতাৰী

মুন কুমাৰ বসুমতাৰী ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী

মুন কুমাৰ বসুমতাৰী
author img

By

Published : Mar 28, 2019, 12:21 PM IST

Updated : Mar 28, 2019, 1:20 PM IST

বাক্সা , 28 মাৰ্চঃলোকসভা নিৰ্বাচন সমাগত ৷ ৰাজনৈতিক দল সমূহে ইতিমধ্যে নিজৰ দলৰ প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ বাবে প্ৰস্তুতি কৰি থকাৰ সময়তে কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীত্ব আগবঢ়াব কংগ্ৰেছ দলৰ প্ৰাক্তন নেতা মুন কুমাৰ বসুমতাৰীয়ে ৷

মুন কুমাৰ বসুমতাৰী

সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত প্ৰাৰ্থীজনে অভিযোগ কৰে যে ১২ বছৰ পৰা কোকৰাঝাৰ লোকসভাৰ অন্তৰ্গত বৰমা, তামুলপুৰ, চাপাগুৰী, বিজনি, চিদলী আদি বিধানসভাৰ ৰাস্তা-ঘাট যেনে দৰে উন্নতি হ'ব লাগিছিল তেনে হোৱা নাই ৷ ইয়াৰোপৰিও তেখেতে প্ৰতিশ্ৰুতি দিয়ে যে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিজয়ী হ'ব পাৰিলে তেখেতে প্ৰথমে ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু বড়োলেণ্ড ৰাজ্য সৃষ্টিৰ বিৰোধিতা কৰিব ৷ লগতে শিক্ষা ক্ষেত্ৰখনত মন দি দুখীয়া পৰিয়ালৰ ছাত্ৰ- ছাত্ৰীসকলক বিশেষ সুবিধা দি উচ্চ শিক্ষা লব পৰাকৈ বিশেষ আঁচনি লব বুলিও উল্লেখ কৰে নিৰ্দলীয় প্ৰাৰ্থীজনে ৷ আনহাতে তেওঁক অবড়ো সংগঠন তথা সংখ্যালঘু সংগঠন আৰু বহু জাতীয় সংগঠনে ভিতৰি- ভিতৰি সমৰ্থন কৰি বহু হাজাৰ ভোটত বিজয় কৰাব বুলি নিৰ্দলীয় প্ৰাৰ্থী মুন কুমাৰ বসুমতাৰীয়ে জনায় ৷

Intro:৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মুন কুমাৰ বসুমতাৰীঃBody:ছয়টা জনগোষ্ঠীক জনজাতিকৰণ আৰু বড়োলেণ্ড বিৰোধী ৷
কোকৰাঝাৰ লোক সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মুন কুমাৰ বসুমতাৰী ৷
বৰমা, ২৮ মাৰ্চঃ আগন্তক লোক সভাৰ নিৰ্বাচনত ৰাজনৈতিক দলবাৰে নিজৰ দলৰ প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ বাবে প্ৰস্তুতি কৰি থকাৰ সময়তে কোকৰাঝাৰ লোক সভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীত্ব আগবঢ়োৱাব কংগ্ৰেছ দলৰ প্ৰাক্তন নেতা মুন কুমাৰ ( মুনদা) বসুমতাৰীয়ে ৷ তেওঁ কয় ১২ বছৰ পৰা কোকৰাঝাৰ লোক সভাৰ অন্তৰ্গত বৰমা, তামুলপুৰ, চাপাগুৰী, বিজনি, চিদলী আদি বিধান সভাৰ ৰাস্তা- ঘাট যেনে দৰে উন্নতি হব লাগিছিল তেনে হোৱা নাই বুলি অভিযোগ কৰি তেওঁ নিৰ্বাচনত প্ৰতিদণ্ডীতা কৰি বিজয় হব পাৰিলে প্ৰথমে ছয়টা জনগোষ্ঠীক জনজাতিকৰণ আৰু বড়োলেণ্ড ৰাজ্য সৃষ্টিৰ বিৰোধী কৰিব বুলি কোৱাৰ লগতে শিক্ষা ক্ষেত্ৰত মন দি দুখীয়া পৰিয়ালৰ ছাত্ৰ- ছাত্ৰী সকলক বিশেষ সুবিধা দি উচ্চ শিক্ষা লব পৰাকৈ বিশেষ আচনি লব বুলি কয় আৰু লৰা- ছোৱালী সকলক পঢ়া শুনা কৰাত মন আকৰ্ষন কৰিব ৷ আজি সাংসদ নৱ কুমাৰ শৰণীয়া আৰু বিশ্বজিত দৈমাৰী সকলে দিল্লীৰ পৰা কোকৰাঝাৰ লোক সভা সমষ্টিলৈ ৰাস্তা- ঘাট উন্নয়ন কৰাৰ বাবে কোনো বিশেষ আৰ্থিক সাহায্য আনিব পৰা নাই ৷ তেওঁক অবড়ো সংগঠন তথা সংখ্যালঘু সংগঠন তথা বহু জাতীয় সংগঠনে ভিতৰি- ভিতৰি সমৰ্থন কৰি বহু হাজাৰ ভোটত বিজয় কৰাব বুলিও তেওঁ জনাই ৷ বৰ্তমান বিটিচিত বড়ো - অবড়োৰ সংঘাট দুৰ কৰি সকলো জাতি - জনগোষ্ঠীয়ে সম অধিকাৰ পোৱাৰ লগতে অঞ্চলটো চাৰিও দিশে উন্নয়ন কৰিব বুলিও কয় ৷

Conclusion:সমাগত লোকসভা নিৰ্বাচন সমাগত ৷ ইতিমধ্যে দলীয় সংগঠন সমুহে নিজৰ নিজৰ দলৰ প্ৰাৰ্থী থিয় কৰাইছে ৷ নিৰ্দলীয় প্ৰাৰ্থী সকলেও প্ৰচাৰ অভিযান চলাইছে ৷
BYTE: নিৰ্দলীয় প্ৰাৰ্থী মুন কুমাৰ বসুমতাৰী ৷
Last Updated : Mar 28, 2019, 1:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.