ETV Bharat / state

বাক্সাত অনুষ্টুপীয়াকৈ পালন কৰা হ'ব 74 সংখ্য়ক স্বাধীনতা দিৱস - চিত্ৰাংকন প্ৰতিযোগিতা

অন্য জিলাৰ লগতে বাক্সা জিলাতো অনুষ্টুপীয়াকৈ পালন কৰা হ'ব দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ জিলাখনৰ সকলো ধৰণৰ চৰকাৰী কাৰ্যালয় তথা বিদ্যালয়-মহাবিদ্য়ালয়ত সামাজিক দূৰত্ব আৰু স্বাস্থ্যবিধি মানি স্বাধীনতা দিৱস পালন কৰিবলৈ জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছে ৷

Independence day Preparation at Baksa District
বাক্সা জিলাত অনুষ্টুপীয়াকৈ পালন কৰা হ'ব 74 সংখ্য়ক স্বাধীনতা দিৱস
author img

By

Published : Aug 13, 2020, 3:33 PM IST

বাক্সা, 13 আগষ্ট : দেশৰ জটিল পৰিস্থিতিৰ মাজতে সমাগত দেশৰ 74 সংখ্য়ক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে যদিও পূৰ্বৰ দৰে 74 সংখ্যক স্বাধীনতা দিৱসত দেশবাসীৰ মাজত নাথাকিব উচাহ ৷ ক'ভিড-19 ৰ বাবে চৰকাৰী নীতি-নিৰ্দেশনা তথা স্বাস্থ্যবিধি মানি দেশবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰিব 74 সংখ্যক স্বাধীনতা দিৱস ৷

দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো স্বাধীনতা দিৱসৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে ৷ অন্য জিলাৰ লগতে বাক্সা জিলাতো অনুষ্টুপীয়াকৈ পালন কৰা হ'ব দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ জিলাখনৰ সকলো ধৰণৰ চৰকাৰী কাৰ্যালয় তথা বিদ্যালয়-মহাবিদ্য়ালয়ত সামাজিক দুৰত্ব আৰু স্বাস্থ্যবিধি মানি স্বাধীনতা দিৱস পালন কৰিবলৈ জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছে ৷ লগতে, বিদ্যালয়-মহাবিদ্যালয়ত যাতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত হ'ব নোৱাৰে তাৰ বাবে কৰ্তৃপক্ষক সতৰ্ক হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

বাক্সা জিলাত অনুষ্টুপীয়াকৈ পালন কৰা হ'ব 74 সংখ্য়ক স্বাধীনতা দিৱস

আনহাতে, ছাত্ৰ-ছাত্ৰী সকলে যাতে ঘৰৰ পৰাই স্বাধীনতা দিৱসৰ দিনা বিভিন্ন ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে তাৰবাবে বিদ্য়ালয়ৰ পৰিদৰ্শকক বিশেষ ব্যবস্থা ল'বলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ 14 আগষ্ট ছাত্ৰ-ছাত্ৰী সকলৰ বাবে নৃত্য-গীত তথা চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ তেওঁলোকৰ নিদিষ্ট প্ৰতিযোগিতাৰ বিষয় সমূহ ৱাটচএপ যোগে পৰিদৰ্শকক প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ ইফালে, 14 আগষ্ট ছাত্ৰ-ছাত্ৰীয়ে প্ৰেৰণ কৰা প্ৰতিযোগিতাৰ ফলাফল 15 আগষ্ট ঘোষণা কৰা হ'ব আৰু বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ সমূহ ঘৰতে প্ৰদান কৰাৰ ব্যবস্থা কৰিব বুলি প্ৰশাসনৰ ফালৰ পৰা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : 'কা' বিৰোধী আন্দোলনত কঁপিল নাহৰকটীয়া আৰু চাচনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.