বাক্সা/গুৱাহাটী, 15 আগষ্ট : বৃহস্পতিবাৰে বাক্সা জিলাৰ মুছলপুৰত জিলা প্ৰশাসনৰ উদ্যোগত মুছলপুৰ ক্ৰীড়া প্ৰকল্প খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ মুছলপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বাক্সা জিলা উপায়ুক্ত ভাস্কৰ পেগুৱে ৷ পতাকা উত্তোলন কৰাৰ পাছত জিলা উপায়ুক্তগৰাকীয়ে বাক্সা আৰক্ষী, সামৰিক, অৰ্ধ সামৰিক বাহিনী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।
অনুষ্ঠানত স্বাধীনতা সংগ্ৰামী জিতেন্দ্ৰ নাথ শৰ্মা, জম্মু কাশ্মীৰত শ্বহীদ হোৱা জোৱান মনেশ্বৰ বসুমতাৰীৰ লগতে জিলাখনত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা সকলক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ পাছতেই বিভিন্ন জনগোষ্ঠী (শৰণীয়া কছাৰী, বড়ো, নেপালী, আদিবাসী জনগোষ্ঠী) আৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত বৰমাস্থিত 9 জাট ৰেজিমেণ্টে ছাত্ৰ-ছাত্ৰীক ভাৰতীয় সেনাই ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰ প্ৰদৰ্শন কৰে ৷
আনহাতে মহানগৰীৰ বৰবাৰীত স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা হয় এক বাইক ৰেলী ৷ বাইক ৰেলীত প্ৰায় সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷ দেশপ্ৰেম আৰু শান্তি বাৰ্তা প্ৰচাৰৰ উদ্দেশ্যে বৰবাৰীৰ পৰা মিৰ্জালৈ ৰয়েল এনফিল্ড বাইকত উলিওৱা হয় এই ৰেলী ।