বাক্সা,15 মে': বন বিভাগৰ জ্ঞাতসাৰেই বাক্সা জিলাৰ মাজেদি বৈ যোৱা পাগলদিয়া নৈত শিল-বালিৰ অবৈধ খননৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ অভিযোগ ৷ জানিব পৰা মতে, বাক্সা জিলাৰ বাটাবাৰী ৰেঞ্জৰ অধীনৰ ঝাৰবস্তি অঞ্চলৰ পাগলদিয়া নদীত এচাম অসাধু চক্ৰই দিনে-নিশাই শিল,বালি আদিৰ অবৈধ খনন চলাই এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ৷ এই অবৈধ খনন এইদৰে অব্যাহত থাকিলে বৃহৎ অঞ্চলটোত ভৱিষ্যতে বানপানীৰ লগতে উল্টাখান্দাৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ এই সন্দৰ্ভত ৰাইজে কেইবাবাৰো দুষ্ট চক্ৰটোক সকীয়নি দিয়ে যদিও খনন কাৰ্য বন্ধ নকৰাত ৰাইজ অতীষ্ঠ হৈ ওলাই আহে ৷
উল্লেখ্য যে, অঞ্চলটোৰ সোনাজুলি, ঝাৰবস্তি, জালাবস্তি, খাজিয়ামাটী, খৌৰজুলি আদি গাঁৱৰ লোকে অবৈধ খননৰ বিৰুদ্ধে ওলাই আহি খনন কাৰ্য বন্ধ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায় । ইয়াৰ লগতে প্ৰশাসনে এই অবৈধ খনন কাৰ্য শীঘ্ৰে বন্ধ নকৰিলে কৃষিপ্ৰধান অঞ্চলটোত অনাগত দিনত কৃষি খণ্ডত বিৰূপ প্ৰভাৱ পৰিব বুলিও পূৰ্বাঞ্চলিক বান্ধ কমিটীয়ে আশংকা প্ৰকাশ কৰিছে ৷ সেয়েহে শুকুৰবাৰে ঝাৰবস্তিৰ পাগলাদিয়া নদীৰ পাৰতে ৮ নং সোণাজুলি বান্ধ কমিটি, ৬ নং ঝাৰবস্তি বান্ধ কমিটি আৰু ১০ নং ঝাৰবস্তি বান্ধ কমিটিয়ে একেলগে খনন কাৰ্যৰ বিৰোধিতা কৰি ধৰ্ণা দিয়ে ৷
আনহাতে অসাধু চক্ৰটোৱে বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰে মিতিৰালি কৰি এইদৰে পাগলদিয়া নৈত অবৈধভাৱে শিল,বালিৰ অবৈধ খনন অব্যাহত ৰাখি এক ৰমৰমীয়া ব্যৱসায় চলাই থকাৰো অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ বন বিভাগে সকলো জানি-শুনিও চকুমুদা কুলিৰ ভাও লোৱাৰ বুলি অভিযোগ উত্থাপিত হৈছে ৷
লগতে পঢ়ক : ৰঙাপৰাত কঠোৰ আৰক্ষীৰ লাঠীচালনা