ETV Bharat / state

ভাৰত ভূটান সীমান্তত সংঘটিত হ’ল মানৱ সৰবৰাহৰ ঘটনা - Child traffickers arrest at Kumarikata

ভাৰত-ভূটান সীমান্তত পুনৰ মানৱ সৰবৰাহৰ ঘটনা । সীমান্তৰ বিভিন্ন অঞ্চলৰ পৰা গোপনে শিশু-কিশোৰক গুজৰাটলৈ নিবলৈ প্ৰস্তুত হৈছিল মানৱ সৰবৰাহকাৰীৰ (human traffickers)দল । অৱশ্যে, আৰক্ষীৰ অভিযানত বাগছাৰ কুমাৰীকাটাত উদ্ধাৰ হ’ল দলটো ৷

human-trafficking-case-registered-in-indo-bhutan-border-of-baksa
ভাৰত ভূটান সীমান্তত সংঘটিত হ’ল মানৱ সৰবৰাহৰ ঘটনা
author img

By

Published : Jul 20, 2021, 1:59 PM IST

বাক্সা, ২০ জুলাই : সোমবাৰে তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্ত (Indo-Bhutan border)ৰ বিভিন্ন অঞ্চলৰ পৰা গুজৰাটৰ বিভিন্ন মাছৰ ফেক্টৰী (fish factories in Gujrat)ত কাম দিয়াৰ প্ৰলোভনেৰে একাংশ দালালে গুজৰাটলৈ নিবলৈ প্ৰয়াস কৰে শিশুসহ কেইবাগৰাকী কিশোৰ-কিশোৰীৰ ৷ সেই সময়তে শিশু সহ ২২ গৰাকী কিশোৰ-কিশোৰী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলভজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীয়ে তালাচী চলাই মানৱ সৰবৰাহকাৰী চক্ৰটোৰে জড়িত দুজন লোকক আটক কৰাৰ লগতে শিশু সহ কিশোৰ-কিশোৰীসকলক উদ্ধাৰ কৰে ।

ভাৰত ভূটান সীমান্তত সংঘটিত হ’ল মানৱ সৰবৰাহৰ ঘটনা

সোমবাৰে কুমাৰীকাটাৰ বালাহাটী গাঁৱৰ পৰা তিনিখন উইংগাৰ বাহনেৰে গুজৰাট অভিমুখে যাত্ৰা কৰাৰ সময়তে দলটোক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আৰক্ষীয়ে ইতিমধ্যে মানৱ সৰবৰাহৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা এই এজেন্ট সকলৰ ওপৰত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে । উদ্ধাৰ কৰা কিশোৰ-কিশোৰীসকলক ৱৰ্ল্ড ভিশ্যন ইণ্ডিয়া (World vision India) নামৰ সংস্থাৰ সহযোগত বাক্সা জিলা শিশু কল্যাণ সমিতিত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰিছে কুমাৰীকাটা আৰক্ষীয়ে (Kumarikata Police)।

উল্লেখ্য যে, সম্প্ৰতি সমগ্ৰ অসমত মানৱ দেহৰ অংগ সৰবৰাহকাৰী (Human Organ Traffickers) চক্ৰৰ সক্ৰিয়তাৰ কথা পোহৰলৈ আহিছে ৷ এনে সময়তে এই দৰে শিশু তথা কিশোৰৰ দলটোক প্ৰলোভিত কৰি বহিঃৰাজ্যলৈ নিব বিচৰাৰ সৈতেও মানৱ দেহৰ অংগ সৰবৰাহকাৰীৰ ঘটনাৰ সাদৃশ্য আছে নেকি বুলিও চৰ্চিত হৈছে সচেতন মহলত ৷

ইফালে, ৰাজ্যত আন্তঃজিলা বন্ধ হৈ থকাৰ সময়ত কিদৰে মানৱ সৰবৰাহকাৰী দলটোৱে অসমৰ পৰা গুজৰাটলৈ শিশুসকলক নিবলৈ সাহস কৰিছিল বুলিও উত্থাপিত হৈছে প্ৰশ্নৰ ৷ বহুতেই এই চক্ৰসমূহৰ ওপৰত কোনো প্ৰভাৱশালী ব্যক্তিৰ আশীৰ্বাদ থকাৰ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ এতিয়া, সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্ততৰ পিছতহে পোহৰলৈ আহিব বুলি অনুমান কৰা হৈছে ৷

লগতে পঢ়ক : গুৱাহাটীত RSS প্ৰধান মোহন ভাগৱতৰ ৰুদ্ধদ্বাৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.