ETV Bharat / state

সতীৰ্থক লগ লৈ মঞ্চতে মুণ্ডন কৰিলে নৱ কুমাৰ শৰণীয়াই

বাক্সা জিলাৰ মনসা চকত অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ উদ্যোগত বিশাল গণ সমাবেশ ৷ হিমন্ত বিশ্ব শৰ্মাই বিটিচিত বড়ো-অবড়োৰ মাজত ঘিঁউ ঢালিবলৈ আহিছে বুলি মন্তব্য হিৰা শৰণীয়াৰ ৷ মঞ্চতে মুণ্ডন কৰিলে সতীৰ্থসহ সাংসদ গৰাকীয়ে ৷

author img

By

Published : Dec 4, 2020, 7:26 PM IST

hira sarania on stage bald his hair at baksa

বাক্সা, ৪ ডিচেম্বৰ : নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত শুকুৰবাৰে বাক্সা জিলাৰ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিত গণ সুৰক্ষা পাৰ্টীৰ বিশাল জন সমাবেশ অনুষ্ঠিত হয় ৷ জন সমাবেশত উপস্থিত থাকি ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিৰা শৰণীয়াই কয় যে, এইবাৰ বিটিচিত গণ সুৰক্ষা পাৰ্টীৰেই চৰকাৰ হ’ব ৷ বিজেপি দলে বিটিএডিত বড়ো-অবড়োৰ মাজত জুই জ্বলাবলৈ আহিছে ৷ ৰাইজে কোনো কাৰণতেই বিটিচিত বিজিপি দলক গ্ৰহণ নকৰে ৷ বিটিএডিত ৰাইজক বিজেপিক ত্যাগ কৰাৰ আহ্বান নৱ শৰণীয়াৰ ৷ সাংসদ গৰাকীয়ে আৰু কয় যে যদি এইবাৰ বিটিচিত জয়ী হ’ব নোৱাৰে ৰাজনীতি ত্যাগ কৰিব তেওঁ ৷

সতীৰ্থক লগ লৈ মঞ্চতে মুণ্ডন কৰিলে হীৰা শৰণীয়াই

আনহাতে, জিএছপি দলৰ সমৰ্থনত মঞ্চৰ ওপৰতে সাংসদ হীৰা শৰণীয়াৰ লগতে বহু সদস্যই মুন্দন কৰে ৷ সমষ্টিটোৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী খনিন ডেকাৰ সমৰ্থনত হীৰা শৰণীয়াৰ দলক ভোট দি সমষ্টিটো উদ্ধাৰ কৰাৰ কাৰণে সকলোৱে আগবাঢ়ি অহা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিটোত তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷ বিপএফ দলৰ প্ৰাৰ্থী অনসুমৈ খুংগুৰ বড়ো, জিএছপিৰ খনিন ডেকা আৰু ইউপিপিএল দলৰ ৰাকেশ ব্ৰহ্ম ৷

গণ সুৰক্ষা পাৰ্টীৰ উদ্যোগত বিশাল গণ সমাবেশ

শুকুৰবাৰৰ গণ সমাবেশত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়া, ২৫ নং বাগানপৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তৃষ্ণা মেধি, ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী খনিন ডেকা, ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মৃদুল দাস, হেমপ্ৰভা দেৱী, ব্ৰজেন মহন্ত, প্ৰাক্তন বিধায়ক পানীৰাম ৰাভা, যাদুকৰ বিক্ৰম , অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশী, দিহিৰা সমষ্টিৰ প্ৰাৰ্থী ঘনশ্যাম দাস, অবড়ো সুৰক্ষা সমিটিৰ সহঃ সম্পাদক গুলজাৰ হুছেইন উপস্থিত থাকে ৷

লগতে পঢ়ক : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিপিএফ প্ৰতিদ্বন্দিতাত নাই : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.