ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰত প্ৰতিশ্ৰুতিৰ বন্যা হিমন্তৰ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰীগৰাকীয়ে 40 টকা মূল্যৰ কেৰাচিন আৰু চেনি ক্ৰমে 15 আৰু 20 টকাত ৰাইজলৈ আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে উপস্থিত ৰাইজক ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বড়ো - অবড়োৰ প্ৰসঙ্গ টানি অনা বুলি কোকৰাঝাৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াক তীব্ৰ আক্ৰমণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

HIMANTA BISWA SARMA'S ELECTION CAMPAIGN
author img

By

Published : Apr 19, 2019, 5:49 PM IST

বাক্সা, 19 এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন সমাগত হোৱাৰ সময়তে শুকুৰবাৰে বাক্সা জিলাৰ জালাহত কোকৰাঝাৰ সমষ্টিৰ বিপিএফ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ভাষণৰ আৰম্ভণিতে বিজেপিৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে এইবাৰ 40 টকা মূল্যৰ কেৰাচিন আৰু চেনি ক্ৰমে 15 আৰু 20 টকাত ৰাইজলৈ আগবঢ়াব ৷ ইয়াৰোপৰি উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক বেটাৰী চালিত স্কুটী প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ লগতে প্ৰতিগৰাকী বিধৱা মহিলাক 25 হাজাৰ টকা সাহাৰ্য্য প্ৰদানৰ কথাও উল্লেখ কৰে ৷

HIMANTA BISWA SARMA'S ELECTION CAMPAIGN

আনহাতে, ভাষণ প্ৰসঙ্গত মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক তীব্ৰ আক্ৰমণ কৰি কয় যে বড়ো - অবড়োৰ প্ৰসঙ্গ তুলি অবড়ো ৰাইজক সুৰক্ষা দিয়াৰ কথা কোৱা শৰণীয়া চিআৰপিএফ কামান্ডাৰ নে অসমৰ মুখ্যমন্ত্ৰী বুলিও প্ৰশ্ন তুলে ৷ নিজে পুলিচৰ পিএছঅ' লৈ ঘূৰি ফুৰা শৰণীয়াই ৰাইজৰ কি সুৰক্ষা দিব বুলিও প্ৰশ্ন উত্থাপন কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ বিটিচি ৰাইজক সকলো সময়তে সুৰক্ষা প্ৰদান কৰিবৰ বাবে ৰাজ্য চৰকাৰ সকলো সময়তে আছে আৰু শৰণীয়া মাত্ৰ এজন সাংসদহে বুলিও কটাক্ষ কৰে ৷ নৱ শৰণীয়াক কুলি চৰাইৰ লগত তুলনা কৰাৰ লগতে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বড়ো - অবড়োৰ প্ৰসঙ্গৰে ৰাইজৰ মন জয়ৰ বাবে ভুমুকি মাৰে বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷

Intro:তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন সমাগত হোৱাৰ সময়তে আজি বাক্সা জিলাৰ জালাহত বিজেপি, বিপিএফ, অগপ মিত্ৰজোঁটৰ হৈ তথা কোকৰাঝাৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷Body:ভাষণৰ প্ৰাৰম্ভতে মন্ত্ৰীগৰাকীয়ে বিজেপিৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰি অৰুন্ধতী আঁচনিৰ জৰিয়তে সোণ প্ৰদানৰ পাছত ৰাজ্য চৰকাৰে এইবাৰ ৰাইজলৈ ৪০ টকা মূল্যৰ কেৰাচিন আৰু চেনি ক্ৰমে ১৫ টকা আৰু ২০ টকাত ৰাইজলৈ আগবঢ়োৱাৰ আঁচনি গ্ৰহণৰ কথা ঘোষণা কৰে ৷ ইফালে উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক এইবাৰ বেটাৰীচালিত স্কুটী প্ৰদানকে ধৰি স্বামীৰ মৃত্যুৰ লগে লগে প্ৰতিগৰাকী বিধবা মহিলাৰ পৰিয়ালক ২৫ হাজাৰকৈ টকাৰ সাহাৰ্য্য প্ৰদানৰ কথাও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷
Sot: Himanta Biswa Sarma
আনহাতে কোকৰাঝাৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক ভাষণ প্ৰসঙ্গত তীব্ৰ আক্ৰমণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শৰণীয়া যে বড়ো-অবড়োৰ প্ৰসঙ্গ তুলি অবড়ো ৰাইজক সুৰক্ষা দিয়াৰ কথা কয়, নৱ কুমাৰ শৰণীয়া চিআৰপিএফৰ কামান্ডাৰ নে অসমৰ মুখ্যমন্ত্ৰী নে কি? মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নৱ কুমাৰ শৰণীয়াই নিজেই পুলিচৰ পিএছও লৈ ঘূৰি ফুৰে, তেওঁ ৰাইজক কি সুৰক্ষা দিব ৷ বিটিচিৰ ৰাইজক সকলো সময়তে সুৰক্ষা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰ আছে, মুখ্যমন্ত্ৰী আছে, হিমন্ত বিশ্ব নিজেই আছে, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আছে, নৱ কুমাৰ শৰণীয়া মাত্ৰ এজন এম পিহে বুলিও কটাক্ষ কৰে ৷ ইফালে নৱ শৰণীয়াক কুলি চৰাইৰ লগত তুলনা কৰি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কেৱল বড়ো-অবড়োৰ প্ৰসঙ্গৰে ৰাইজৰ মন জয়ৰ বাবে ঘপহকৈ ওলায়হি বুলিও ভাষণ প্ৰসঙ্গত কয় ৷Conclusion:হিতেশ বসুমতাৰীয়ে আঁত ধৰা নিৰ্বাচনী সভাখনত ভাষণ সামৰি পুনৰ দুধনৈ অভিমুখে উৰা মাৰে মন্ত্ৰীগৰাকীয়ে।
চাপাগুৰিৰ পৰা ৰিদিপ জ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.