বাক্সা,2 মে': 8টা বছৰ পাৰ হ'ল 2014 চনৰ 1 মে' আৰু 2মে' ত বিটিচিত সংঘটিত হত্যালীলাৰ ৷ 2014 চনৰ 1 মে'ত বাক্সা জিলাৰ শালবাৰী মহকুমাৰ নৰশিংহবাৰীত উগ্ৰপন্থীৰ গুলীবর্ষণত তিনি 3 জনকৈ নিৰীহ লোকৰ মৃত্যু আৰু দুজন শিশু গুৰুতৰভাৱে আহত হৈছিল ৷ ইয়াৰ পিছতে 2মে'ত পুনৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ নাৰায়ণগুৰিত 39 জনকৈ নিৰীহ শিশু আৰু মহিলাক পৰিকল্পিতভাৱে উগ্ৰপন্থীয়ে পৃথক ৰাজ্যৰ দাবীৰে যুদ্ধ সফল কৰাৰ স্বাৰ্থত বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিছিল ৷ কিন্তু পৰিতাপৰ কথা যে, আজিও ন্যায় নাপালে সেই ভুক্তভোগী পৰিয়ালৰ লোকসকলে ৷ যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি সাকিল আহমেদৰ নেতৃত্বত বাক্সা জিলা আমছুৰ এটি সঁজাতি দল নৰশিংহবাৰীত ভুক্তভোগী পৰিয়ালৰ কেইটাৰ কাষত উপস্থিত হয় ৷
জিলা সমিতিৰ সভাপতি ছাইফুল ইছলাম খানে সাংবাদিকৰ আগত অভিযোগ কৰি কয়, সেই সময়ৰ কংগ্ৰেছ চৰকাৰে আৰু বিটিএডিত বিপিএফ চৰকাৰে ঘোষণা কৰা সাহাৰ্য আজিপৰ্যন্ত দুৰ্ভগীয়া পৰিয়াল কেইটাক নিদিলে ৷ ইয়াৰোপৰি হত্যাকাৰীসকলে আজিও মুকলি আকাশৰ তলত মুক্ত বিচৰণ কৰি আছে ৷ গতিকে বৰ্তমানৰ চৰকাৰক অচিৰেই উপযুক্ত ক্ষতিপুৰণ আৰু হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে আমছুৱে৷ আনহাতে,এই সঁজাতি দলটোত আছিল আমছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক আব্দুৰ ৰহিম, জিলা উপ-সভাপতি ছামছুল হক, আফছাৰ আলী, শিক্ষা ও আলোচনী সম্পাদক আছুৰ উদ্দিন, সদস্য আব্বাছ আলী, খুশ্ৰাবাৰী আঞ্চলিক সমিতিৰ সভাপতি ছুলতান মামুদ, নৰশিংহবাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মঞ্জিৰুল হক, খাৰিজা বিজনী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ওমৰ ফাৰুক ৷
লগতে পঢ়ক: ৰাজ্যত পুনৰ ফুলিব পদুম:সুমন হৰিপ্ৰিয়া