বাক্সা, 1 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীৰে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়তে বিধয়েকখনৰ সমৰ্থন কৰি সংবাদ মাধ্যমৰ আগত বিপিএফৰ সাসংদ বিশ্বজিৎ দৈমাৰীয়ে কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷
উল্লেখ্য যে, ৩০ নৱেম্বৰত দিল্লীত অমিত শ্বাহৰ সৈতে বিভিন্ন দল সংগঠনৰ সাক্ষাৎ অনুষ্ঠানত উপস্থিত আছিল সাংসদ বিশ্বজিৎ দৈমাৰী ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত আলোচনাত মিলিত হোৱাৰ পিছতেই সাংসদ গৰাকীয়ে সংবাদমাধ্যমৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সমৰ্থন কৰি বিৰূপ মন্তব্য আগবঢ়াইছিল ৷ ইয়াৰ পাছতেই দেওবাৰে দক্ষিণ ডেফেলী আঞ্চলিক সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিশ্বজিৎ দৈমাৰীৰ প্ৰতিকৃতি দাহ কৰি বিপিএফক খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ নকৰিবলৈ সকীয়াই দিয়ে ৷ ইয়াৰ উপৰিও প্ৰতিবাদকাৰী সকলে হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, খিলঞ্জীয়া বিৰোধী মন্তব্য দিয়া বিশ্বজিৎ দৈমাৰী "গ' বেক' আদি শ্লগানেৰ উত্তাল কৰি তোলে পৰিৱেশ ৷