ETV Bharat / state

বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াইছে বৰমাৰ মৰা পাগলদিয়া নৈ বান্ধলৈ

author img

By

Published : Jun 28, 2020, 10:57 AM IST

বাক্সা জিলা উপায়ুক্ত ৰঞ্জন শৰ্মা, অতিৰিক্ত উপায়ুক্ত ছাইফুদৌলা খান, বৰমা ৰাজহ চক্ৰ বিষয়া মৃণাল হালৈকে ধৰি কেইবাজনো বিষয়ববীয়াই শনিবাৰে পৰিদৰ্শন কৰে অঞ্চলটো ৷

BAKSA FLOOD
বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াইছে বৰমাৰ মৰা পাগলদিয়া নৈ বান্ধলৈ

বৰমা, 28 জুন : বাক্সা জিলাৰ বৰমাত মৰা পাগলদিয়া নদীৰ বাঢ়নী পানীয়ে অঞ্চলটোত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ৷ শুকুৰবাৰে নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে নদীখনৰ জলস্তৰ ৷ নদীৰ জলস্তৰে ভাবুকি কঢ়িয়াই আনিছে মৰা পাগলদিয়া নৈৰ বান্ধলৈ ৷ ইতিমধ্যে জিলাখনৰ আলাগজা, কালজাৰ, জাৰিপাৰা, চাৰাংপাৰাত বান্ধৰ ওপৰেৰে বৈছে পানী ৷ স্থানীয় ৰাইজে গছৰ ডাল, বাঁহ আদিৰে বান্ধ ভেটা দি পানী ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ৷

বাক্সা জিলা উপায়ুক্ত ৰঞ্জন শৰ্মা, অতিৰিক্ত উপায়ুক্ত ছাইফুদৌলা খান, বৰমা ৰাজহ চক্ৰ বিষয়া মৃণাল হালৈকে ধৰি কেইবাজনো বিষয়ববীয়াই শনিবাৰে অঞ্চলটো পৰিদৰ্শন কৰে ৷ বান্ধটো নাভাঙিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে অতিৰিক্ত উপায়ুক্ত চাইফুদৌলাহ খানে ৷

লগতে পঢ়ক: আজি ১১ বজাত সম্প্ৰচাৰ হ'ব প্ৰধানমন্ত্ৰীৰ "মন কি বাত"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.