বাক্সা,2 মাৰ্চ: কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে অসম বিধানসভা নিৰ্বাচনত বিটিআৰত কোনোধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ ৰণকৌশলেৰে আগবঢ়াৰ মাজতে থমকি ৰোৱা নাই ইউপিপিএল ৷ ইতিমধ্যে বিটিআৰৰ প্ৰতিটো সমষ্টিতে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰি এই নিৰ্বাচন বৰ বিশেষ কঠিন ন'হব বুলিও প্ৰমোদ বড়োৱে এক মন্তব্য আগবঢ়াইছে ৷
ইউপিপিএল দলে বিটিআৰৰ প্ৰতিটো সমষ্টিতে প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰে যদিও মিত্ৰতাৰ ধৰ্ম বজাই ৰাখি অলপ এৰা-ধৰা কৰিব লাগিব এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি বড়োৱে লগতে মহাজোঁটত বিপিএফ চামিল হোৱাক লৈও মন্তব্য কৰে ৷ বাক্সাত ইউপিপিএলৰ এক কৰ্মীসভাত উপস্থিত হৈ বড়োৱে কটাক্ষ কৰি কয় যে, ইমান দিনে কংগ্ৰেছ-এআইডিইউএফে বিপিএফৰ দুৰ্নীতিৰ কথা সমালোচনা কৰি এতিয়া আকৌ মহাজোঁট গঠন কৰিছে ৷ মহাজোঁটৰ নেতাসকলে বিগত 50 বছৰে দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি বড়োৱে লগতে এইবুলিও কয় যে, দুৰ্নীতি কৰা ৰাইজে দেখি আহিছে যাৰ বাবে এই মহাজোঁটে বিটিআৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷
বিটিআৰত ৰাইজে বিজেপি আৰু ইউপিপিএলক আদৰি লব বুলি মন্তব্য কৰি বিটিআৰত আসন বুজাবুজিৰ সন্দৰ্ভত আলোচনা চলি থকা বুলিও বড়োৱে জানিবলৈ দিয়ে ৷ পূৰ্বৰ চৰকাৰৰ বিধায়কসকলকো সমালোচনা কৰি বড়োৱে অভিযোগ কৰে যে, পূৰ্বৰ বিধায়কসকলে বিধানসভাত কোনো আঁচনিৰ কথা উল্লেখ নকৰা বাবে বিটিআৰ পিছপৰি ৰৈ গ'ল ৷
লগতে পঢ়ক: বিপিএফৰ ১২ খন আসনে সাহস দিব মহাজোঁটক !