ETV Bharat / state

অসম চুক্তিৰ ৬নং দফাত নাই গোৰ্খা জনগোষ্ঠীৰ নাম

author img

By

Published : Sep 21, 2020, 3:44 PM IST

অসম চুক্তিৰ 6নং দফাত নাই গোৰ্খা জনগোষ্ঠীৰ নাম ৷ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক অগ্ৰাহ্য গোৰ্খা জনগোষ্ঠীয় সংগঠনৰ ৷ এই জনগোষ্ঠীৰ নাম অন্তৰ্ভূক্ত নহ’লে হুংকাৰ আন্দোলনৰ ৷

gorkha sanmilon in Baksa assam etv bharat news
ক্ষোভিত গোৰ্খা জনগোষ্ঠী

বৰমা,21 চেপ্তেম্বৰ: ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদনত নাম অন্তৰ্ভুক্ত নহ’ল গোৰ্খা জনগোষ্ঠীৰ ৷ ৰাজ্যখনৰ অন্যতম খিলঞ্জীয়া হিচাপে পৰিচিত গোষ্ঠীটোৰ নাম এই তালিকাত অন্তৰ্ভুক্ত নোহোৱাত ক্ষুণ্ণ হৈ পৰিছে গোৰ্খা জনগোষ্ঠীয় দল-সংগঠনসমূহ ৷ বাক্সাৰ নিকাছিত দেওবাৰে বিটিচি ক্ষেত্ৰীয় গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত গোৰ্খা জাতীয় অভিৱৰ্তনত ৰাজ্য চৰকাৰৰ ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সংগঠনটোৱে ৷ উক্ত জাতীয় অভিৱৰ্তনৰ যোগেদি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা,অসম গোৰ্খা সন্মিলন,নেপালী সাহিত্য পৰিষদ,বিটিচি ক্ষেত্ৰীয় গোৰ্খা সন্মিলনকে ধৰি গোৰ্খা জনগোষ্ঠীয় দল-সংগঠনসমূহে জনগোষ্ঠীটোক অসম চুক্তিৰ ৬ নং দফাত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক দাবী জনায় ৷ ১৯৫১ চনৰ ভিত্তি বৰ্ষক অগ্ৰাহ্য কৰি বিটিচি ক্ষেত্ৰীয় গোৰ্খা সন্মিলনৰ সম্পাদক পীতাম্বৰ পাঠকে সদৌ অসম ছাত্ৰ সন্থাকো একপ্ৰকাৰৰ প্ৰতাৰক আখ্যা দিয়ে ৷

ক্ষোভিত গোৰ্খা জনগোষ্ঠী

জনগোষ্ঠীটোক ৬ নং দফাত অন্তৰ্ভূক্তি নকৰিলে বিজেপি চৰকাৰক ২০২১ৰ বিধানসভা নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়াৰ উপৰিও ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৱে ৷ ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰে বিটিচি ক্ষেত্ৰীয় গোৰ্খা ছাত্ৰ সন্থাই ৷ সন্থাৰ সম্পাদক ৰোহিত কুমাৰ দাহালে জানিবলৈ দিয়া অনুসৰি, বিগত বৰ্ষৰ ২৪ ডিচেম্বৰত মুখ্যমন্ত্ৰীয়ে এমাহৰ ভিতৰত গোৰ্খাসকলৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যি আজিও কাৰ্যকৰী নহ'ল ৷ সম্পাদকগৰাকীয়ে জনগোষ্ঠীটোৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে গোৰ্খাসকলক সুকীয়া স্বায়ত্ব শাসন প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৷

লগতে চাওকঃ অহা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.