ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতহে গঠন হ'ব দিহিৰা সমষ্টিত ভিচিডিচি: ঘনশ্যাম দাস - গণ সুৰক্ষা পাৰ্টীৰ নেতা ঘনশ্যম দাস

বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ গৃহ সমষ্টি দিহিৰাত এটা ৰাজনৈতিক চক্ৰই নিজৰ প্ৰভাৱ বিস্তাৰৰ বাবে ভিচিডিচি গঠনৰ ক্ষেত্ৰত বিধি-পথালি দি অহাত সদ্যহতে উক্ত সমষ্টিটোত ভিচিডিচি গঠন স্থগিত ৰাখিবলৈ ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া বুলি কথা উল্লেখ কৰে গণ সুৰক্ষা পাৰ্টীৰ নেতা ঘনশ্যম দাসে ৷

Gana Suraksha Party Reaction
হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতহে গঠন হ'ব দিহিৰা সমষ্টিত ভিচিডিচি: ঘনশ্যাম দাস
author img

By

Published : Feb 27, 2021, 10:51 PM IST

বাক্সা, ২৭ ফেব্ৰুৱাৰী : বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল তথা সংগঠনৰ নেতাসকলৰ মাজত বাকযুদ্ধও তুংগত উঠিছে । শুকুৰবাৰে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই সংবাদ মাধ্যমত গণ সুৰক্ষা পাৰ্টীৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াক সমালোচনা কৰি গণ সুৰক্ষা পাৰ্টীৰ ভাতৃ সংগঠন অবড়ো সুৰক্ষা সমিতিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি প্ৰকাশ কৰে ৷ ইয়াৰ পাছতে সংগঠন দুটাৰ মাজত সৃষ্টি হৈছে এক আভ্যন্তৰীণ সংঘাত ।

আজি অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাক উভতি ধৰি বাক্সা জিলাৰ পলাশগুৰিত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য তথা গণ সুৰক্ষা পাৰ্টীৰ নেতা ঘনশ্যাম দাসে সাংবাদিকৰ আগত কয় যে, প্ৰথমতে যোগেশ্বৰ কলিতাই কংগ্ৰেছ কৰাৰ পিছত বিগত বিটিচি নিৰ্বাচনৰ সময়ত বিপিএফ কৰিছিল, এতিয়া অবড়ো কৰিছে । গতিকে ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰা যোগেশ্বৰ কলিতাৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত কোনো অধিকাৰ নাই । ইতিমধ্যে অবড়ো সুৰক্ষা সমিতিৰ পৰা যোগেশ্বৰ কলিতাক বহিষ্কাৰ কৰা হৈছে বুলিও কয় কাৰ্যবাহী সদস্য তথা গণ সুৰক্ষা পাৰ্টীৰ নেতাগৰাকীয়ে ।

হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতহে গঠন হ'ব দিহিৰা সমষ্টিত ভিচিডিচি: ঘনশ্যাম দাস

আনহাতে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত মিত্ৰ দল বিজেপি, ইউপিপিএলৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিতহে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলিও কয় । আনহাতে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ গৃহ সমষ্টি দিহিৰাত এটা ৰাজনৈতিক চক্ৰই নিজৰ প্ৰভাৱ বিস্তাৰৰ বাবে ভিচিডিচি গঠনৰ ক্ষেত্ৰত বিধি-পথালি দি অহাত সদ্যহতে উক্ত সমষ্টিটোত ভিচিডিচি গঠন স্থগিত ৰাখিবলৈ ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া বুলিও প্ৰকাশ কৰে গণ সুৰক্ষা পাৰ্টীৰ নেতা যোগেশ্বৰ কলিতাই ।

লগতে পঢ়ক : আহাৰ গ্ৰহণ কৰিবলৈ যোৱা গৌৰৱ-ৰকিবুলক আমিনগাঁৱত বাধা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.