ETV Bharat / state

তিনি বছৰে অসম্পূৰ্ণ দিৰিং নদীৰ পকী দলং

পুঁজিৰ অভাৱত সম্পূৰ্ণৰূপে বন্ধ নিৰ্মাণ কাৰ্য ৷ যাতায়তৰ সমস্যাত ককবকাইছে বাক্সাবাসীয়ে ৷

author img

By

Published : May 28, 2019, 1:11 PM IST

তিনি বছৰে সম্পূৰ্ণ নহ'ল দিৰিং নদীৰ পকী দলং নিৰ্মাণৰ কাম

ছপাগুৰি, 28 মে': হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ উন্নয়নৰ নমুনা ! বাক্সা জিলাৰ গলবিল আঠিয়াবাৰী গড়কাপ্তানী পথৰ বৰিমাখাত দিৰিং নদীৰ ওপৰত বিগত 2016 চনৰ ছেপ্তেম্বৰ মাহত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এখন পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু বিগত বছৰ পৰা আজি পৰ্যন্ত দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল ৷

জানিব পৰা মতে বিটিচিৰ উন্নয়ন পুঁজিৰ দ্বাৰা আৱন্টিত দলংখন নিৰ্মাণ বাবে প্ৰায় পোন্ধৰ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল ৷ প্ৰথম কিছুদিন তীব্ৰ গতিত দলংখনৰ কামো চলিছিল ৷ কিন্তু অভিযোগ অনুসৰি পুঁজিৰ অভাৱত এতিয়া দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷ গুৱাহাটীৰ জনৈক আহমেদ নামৰ ঠিকাদাৰজনে পুঁজিৰ অভাৱত এতিয়া দলঙৰ নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বছৰ বছৰ ধৰি যাতায়তৰ সমস্যাত জীয়াতু ভুগি থকা বৰিমাখা অঞ্চলৰ ৰাইজে দলঙৰ নিৰ্মাণ কাৰ্য চলাত আনন্দিত হৈছিল যদিও বৰ্তমান নিৰ্মাণ বন্ধ হৈ থকা ৰাইজৰ আশাত চেচাপানী পৰিছে ৷ পুনৰ বাৰিষা কালত যাতায়তৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভোগ কৰিব লাগিব ৷ জানিব পৰা মতে বিটিচি পৰিষদে বিগত বিত্তীয় বৰ্ষত দলংখনৰ বাবে পুঁজি আৱন্টন নিদিয়াত দলঙৰ নিৰ্মাণ বন্ধ হৈ আছে ৷

Intro:হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ উন্নয়নৰ নমুনা ৷ তিনি বছৰে নিৰ্মাণ সম্পূৰ্ণ নহল দিৰিং নদীৰ ওপৰৰ পকী দলং ৷ পুঁজিৰ অভাৱত সম্পূৰ্ণৰুপে বন্ধ নিৰ্মাণ কাৰ্য ৷ ফলত যাতায়তৰ সমস্যাত ককবকাইছে অঞ্চলটোৰ ৰাইজে ৷ Body: এই দৃশ্য বাক্সা জিলাৰ বৰিমাখাৰ ৷ জিলাখনৰ গলবিল আঠিয়াবাৰী গড়কাপ্তানি পথৰ বৰিমাখাত দিৰিং নদীৰ ওপৰত বিগত ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত এখন পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীয়ে ৷ বিটিচিৰ উন্নয়ন পুঁজিৰ দ্বাৰা আৱন্টিত দলংখন নিৰ্মাণ বাবে প্ৰায় পোন্ধৰ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল ৷ প্ৰথম কিছুদিন দলংখনৰ কামো চলিছিল তীব্ৰ গতিত ৷ কিন্তু পুঁজিৰ অভাৱত এতিয়া দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷ গুৱাহাটীৰ আহমেদ উপাধিৰ ঠিকাদাৰজনে পুঁজিৰ অভাৱত এতিয়া দলংৰ নিৰ্মাণকাৰ্য বন্ধ ৰাখিছে ৷ বছৰ বছৰ ধৰি যাতায়তৰ সমস্যাত জীয়াতু ভূগি থকা বৰিমাখা অঞ্চলৰ ৰাইজে দলংৰ নিৰ্মাণ কাৰ্য চলাত আনন্দিত হৈছিল যদিও বৰ্তমান নিৰ্মাণ বন্ধ হৈ থকা ৰাইজৰ আশাত চেচাপানী পৰিছে ৷ পুণৰ বাৰিষা যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লাগিব অঞ্চলটোৰ ৰাইজে ৷ Conclusion:জানিব পৰা মতে বিটিচি পৰিষদে বিগত বিত্তীয় বৰ্ষত দলংখনৰ বাবে পুঁজি আৱন্টন নিদিয়াত দলংৰ নিৰ্মাণ বন্ধ হৈ আছে ৷ যাৰবাবে ৰাইজে যাতায়তৰ নামত যাতনা ভোগ কৰিবলগীয়া হৈছে ৷
বাইট -
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.