ETV Bharat / state

ছাত্ৰ-ছাত্ৰীয়ে সদায় প্ৰতিযোগিতাৰ মনোভাবেৰে পঢ়িব লাগে: অঞ্জলী দৈমাৰী - Freshers of Empire Academy Barama

বৰমাত এম্পায়াৰ একাডেমীৰ নৱাগত আদৰণী সভা (Freshers of Empire Academy Barama) । ছাত্ৰ-ছাত্ৰীসকলে সদায় প্ৰতিযোগিতাৰ মনোভাব লৈ পঢ়িব লাগে- অঞ্জলী দৈমাৰী ।

Anjali Daimari
Anjali Daimari
author img

By

Published : Sep 8, 2022, 8:26 PM IST

বাক্সা, ৮ ছেপ্টেম্বৰ : "ছাত্ৰ ছাত্ৰীসকলে সদায় প্ৰতিযোগিতাৰ মনোভাব লৈ পঢ়িব লাগে, কঠোৰ অধ্যয়নৰ লগতে পৰিশ্ৰম কৰিব লাগিব ।" বৰমাৰ এম্পায়াৰ একাডেমী স্কুলৰ চতুৰ্থ বাৰ্ষিক নৱাগত আদৰণী সভাত (Freshers of Empire Academy Barama) নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত হৈ এনেদৰে কয় বৰমা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ডঃ অঞ্জলী দৈমাৰীয়ে (Anjali Daimari at Empire Academy Barama) ৷

তেওঁ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে বৰ্তমান সময়ত কোনো লোকে এনেয়ে সময় নষ্ট নকৰে ৷ পঢ়াৰ লগতে সময় উলিয়াই অন্য কাম কৰাৰ কাৰণে চেষ্টা থাকিব লাগে ৷ তেতিয়াহে জীৱনত আগুৱাই যোৱাৰ বাট মুকলি হয় বুলিও কয় দৈমাৰীয়ে ৷

নৱাগত আদৰণী সভাখন পৰিচালনা কৰে স্কুল পৰিচালনা সমিতিৰ সভাপতি ৰজনী বৰজৌৱাৰীয়ে । সভাখন উন্মোচন কৰে এম্পায়াৰ একাডেমী স্কুলৰ অধ্যক্ষ বিদ্যাসাগৰ ৰামছিয়াৰীয়ে ৷

সভাত আট লাৰনিঙৰ সঞ্চালক প্ৰীতম ডেকা, জেকলিং মহন্ত, ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক থানেশ্বৰ বড়োৱে আমন্ত্ৰিত অতিথি হিচাপে ভাষণ ৰাখে । সন্ধিয়া এম্পায়াৰ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.