ETV Bharat / state

বংশানুক্ৰমে হাড় ভগা লোকক চিকিৎসা প্ৰদান কৰি অহা ভাতৃদ্বয়

author img

By

Published : Jul 22, 2020, 5:28 PM IST

হাড় ভগা বহু লোকে নিজৰ চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ গৈ হয়তো খৰচ কৰিছে লক্ষ লক্ষ টকা ৷ কিন্তু বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২ নং উলুবাৰী গাঁৱৰ কৃষ্ণকান্ত ডেকা আৰু সনাতন ডেকা নামৰ দুই ভাতৃয়ে বংশানুক্ৰমে কৰি আহিছে হাড় ভগা লোকৰ চিকিৎসা ৷ কিন্তু বৰ্তমানেও প্ৰচাৰ বিমুখ তেওঁলোক ৷

চিকিৎসা প্ৰদান কৰি অহা ভাতৃদ্বয়
চিকিৎসা প্ৰদান কৰি অহা ভাতৃদ্বয়

বাক্সা, 22 জুলাই: বিভিন্ন সময়ত বহু লোকে ভগা হাড়ৰ চিকিৎসা কৰিবলৈ চেন্নাই,পাটনা আদিৰ দৰে বহিঃৰাজ্যৰ ভিন্ন স্থানলৈ যাবলগীয়া হয় ৷ যাৰ বাবদ হয়তো সেইসকল লোকে খৰচ কৰিবলগীয়া হয় লক্ষাধিক টকা ৷ কিন্তু এইখন অসমৰে এখন জিলাত আছে এই চিকিৎসা প্ৰদান কৰিব পৰা লোক ৷ বংশানুক্ৰমে তেওঁলোকে কৰি আহিছে হাড় ভগা লোকৰ চিকিৎসা ৷ কিন্তু বৰ্তমানেও প্ৰচাৰ বিমুখ হৈ আছে সেই লোক কেইগৰাকী ৷

বংশানুক্ৰমে হাড় ভগা লোকক চিকিৎসা প্ৰদান কৰি অহা ভাতৃদ্বয়

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২নং উলুবাৰী গাঁৱৰ কৃষ্ণকান্ত ডেকা আৰু সনাতন ডেকা নামৰ দুই ভাতৃয়ে তেওঁলোকৰ পূৰ্ব পুৰুষৰ ধাৰা অব্যাহত ৰাখি, হাড় ভগা লোকসকলক প্ৰদান কৰি আহিছে চিকিৎসা ৷ তেওঁলোকৰ চিকিৎসাৰ পৰা সুফল লাভ কৰিছে বহু লোকেও ৷ জ্যেষ্ঠ ভাতৃ কৃষ্ণকান্ত ডেকা আৰু কনিষ্ঠ ভাতৃ সনাতন ডেকাই ভিন্ন আয়ুৰ্বেদিক ঘৰুৱাভাৱে উৎপাদিত দৰৱ ব্যৱহাৰ কৰি প্ৰদান কৰি আহিছে চিকিৎসা ৷ তেওঁলোকৰ চিকিৎসাত সুস্থ হৈ উঠিছে শিশুকে ধৰি বহু বৃদ্ধ লোক ৷ নিজাববীয়া চিকিৎসাৰে তেওঁলোকে প্ৰদান কৰা হাড় ভগা চিকিৎসাই হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে বহু লোকৰ মুখত ৷ সমগ্ৰ বাক্সা জিলাতে তেওঁলোকৰ আছে বিশেষ সমাদৰ ৷ আনকি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰাও তেওঁলোকৰ ওচৰলৈ চিকিৎসাৰ বাবে আহিছে বহু লোক ৷ তথাপিও প্ৰচাৰৰ অভাৱত বহু লোক বৰ্তমানেও অজ্ঞাত তেওঁলোকে প্ৰদান কৰা বিশেষ এই চিকিৎসাৰ বিষয়ে ৷ উল্লেখ্য যে,দুই ভাতৃয়ে জানিবলৈ দিয়া অনুসৰি, তেওঁলোকে আজি পৰ্যন্ত পোৱা নাই চৰকাৰৰ পৰা কোনো বিশেষ সুবিধা ৷ যদি চৰকাৰে তেওঁলোকক কিছু পৰিমাণে সহায় কৰে তেন্তে, তেওঁলোকে নিশ্চয় ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহাৰি পাব বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমযোগে ৷

কৃষ্ণকান্ত ডেকা
কৃষ্ণকান্ত ডেকা

লগতে পঢ়ক: বানত বুৰ গ’ল কাকৈজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত চেচাপানী গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.