ETV Bharat / state

বাক্সাত ড্ৰাগছসহ আটক চাৰি ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jun 25, 2021, 1:42 PM IST

বাক্সাৰ শালবাৰী আৰু শিমলা আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ অভিযানত কেইবালক্ষাধিক টকাৰ ড্ৰাগছসহ চাৰি ড্ৰাগছ সৰহবৰাহকাৰী আটক । আটকাধীন চাৰি ড্ৰাগছ সৰহবৰাহকাৰী ক্ৰমে আলীম উদ্দিন ৰহমান, থুলুংগা বসুমতাৰী, সঞ্জয় মুছাহাৰী আৰু মানস প্ৰতীম সত্যেন্দ্ৰ বুলি জানিব পৰা গৈছে ৷

four-drugs-peddler-arrested-with-drugs-at-baksa
বাক্সাত ড্ৰাগছসহ আটক চাৰি ড্ৰাগছ সৰবৰাহকাৰী

বাক্সা, 25 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহকাৰী (Drugs paddler) ৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police) ৰ তীব্ৰ অভিযান ৷ জিলাই জিলাই ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ দল ৷ আৰক্ষীৰ অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে বহু ড্ৰাগছ সৰবৰাহকাৰী (Drugs paddler) ক আটক কৰিছে আৰক্ষীয়ে ৷

শেহতীয়াভাৱে বৃহস্পতিবাৰে জুনবাক্সাৰ শালবাৰী আৰু শিমলা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ অভিযানত কেইবালক্ষাধিক টকাৰ ড্ৰাগছসহ আটক কৰা হয় চাৰি ড্ৰাগছ সৰহবৰাহকাৰী ৷ আটকাধীন চাৰি ড্ৰাগছ সৰহবৰাহকাৰী ক্ৰমে আলীম উদ্দিন ৰহমান, থুলুংগা বসুমতাৰী, সঞ্জয় মুছাহাৰী আৰু মানস প্ৰতীম সত্যেন্দ্ৰ বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ, হেৰ’ইন, ড্ৰাগছভৰ্তি কণ্টেইনাৰ, মোবাইল ফোন (5টা), ভাং খোৱা চিলিম, এখন চাৰিচকীয়া বিলাসী বাহনসহ তিনিখন বাইক ৷ উল্লেখ্য যে, ধৃত থুলুংগা বসুমতাৰী তামুলপুৰৰ বিপিএফৰ প্ৰাৰ্থী তথা নতুনকৈ বিজেপিত যোগদান কৰা ৰঞ্জা খুংগুৰ বসুমতাৰীৰ পুত্ৰ ৷ ৰঞ্জা খুংগুৰ বসুমতাৰী বিগত বিধানসভা নিৰ্বাচনত তামুলপুৰ সমষ্টিৰ পৰা বিপিএফৰ টিকট লাভ কৰি পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিছিল ৷

শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্য আৰু শিমলা থানাৰ বিষয়া বিজয় দৈমাৰীৰ নেতৃত্বত এই বৃহৎ সাফল্য ৷ সম্প্ৰতি শিমলা থানাত ধৃত আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : কাশ্মীৰৰ সীমানিৰ্ধাৰণ: এনডিএ চৰকাৰ আৰু আঞ্চলিক দলসমূহৰ বাবে এক কাঁইটীয়া বিষয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.