বাক্সা, ২৬ অক্টোবৰ : বাক্সা জিলাৰ বৰমা কালজাৰ গাঁৱৰ প্ৰাক্তন ফুটবল খেলুৱৈ জয়দেৱ ৰাভাৰ মঙলবাৰে পুৱা বিদ্যুৎ পৃষ্ট হৈ মৃত্যু হোৱাৰ খবৰে সমগ্ৰ বৰমাত পেলাইছে শোকৰ ছাঁ ৷ বৰমাস্থিত বৰজাৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ পুৱা প্ৰায় ৭ বজাত প্ৰথম অসম সংৰক্ষিত বাহিনীৰ জোৱানৰ কেম্পৰ ভিতৰত থকা ১১,০০০ ভল্টৰ তাঁৰত ওলমি থকা বাদুলি এটা লোৰ পাইপেৰে নমাবলৈ গৈ বিদ্যুৎ পৃষ্ট হৈ শোকাকুলভাৱে মৃত্যুক আকোৱালি ললে জয়দেৱ ৰাভা নামৰ অসম সংৰক্ষিত বাহিনীৰ জোৱান গৰাকীয়ে ।
![Former footballer Jaydev Rabha electrocuted in Baksa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13466927_news.jpg)
উল্লেখ্য যে, বৰমাৰ কালজাৰৰ জয়দেৱ ৰাভা আছিলএগৰাকী সুদক্ষ ফুটবল খেলুৱৈ । ৰাভাৰ মৃত্যুত অঞ্চলজুৰি এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে । ৪২ বছৰীয়া জোৱানজনক নলবাৰীস্থিত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি বৰজাৰৰ প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ কাৰ্যালয়ত Arms Lock প্ৰদৰ্শনেৰে বিশেষ সন্মান প্ৰদৰ্শন কৰা হয় বুলি অসম সংৰক্ষিত বাহিনীৰ চুবেদাৰ হাচিম চন্দ্ৰ ৰাভাই জানিবলৈ দিয়ে । ৰাভাই মৃত্যুৰ সময়ত পত্নী, তিনিজনী কন্যাক ইহসংসাৰত এৰি থৈ যায় ৷
লগতে পঢ়ক : ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ নোহোৱা ছাত্র-ছাত্রী বহিব নোৱাৰিব মেট্ৰিক পৰীক্ষাত