ETV Bharat / state

"বিটিচি বিটিআৰ হৈছে বুলি ওলোৱা নিৰ্দেশনা সাংবিধানিক নহয়" : হাগ্ৰামা মহিলাৰী

author img

By

Published : Sep 29, 2020, 2:53 PM IST

বিটিচি বিটিআৰ হোৱা নিৰ্দেশনাক অসাংবিধানিক আখ্যা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ বৰমাত বিপিএফৰ একাংশ বিধায়কৰ সৈতে প্ৰাক্তন কাৰ্যবাহী সদস্যসকল আলোচনাত মিলিত হয় ৷ বিটিচি নিৰ্বাচন 27 অক্টোৱৰৰ ভিতৰত অনুষ্ঠিত কৰাৰ দাবী বিপিএফৰ ৷

"বিটিচি বিটিআৰ হৈছে বুলি ওলোৱা নিৰ্দেশনা খন সাংবিধানিক নহয়" : হাগ্ৰামা মহিলাৰী

বৰমা, 29 চেপ্তেম্বৰ: "বিটিচি বিটিআৰ হৈছে বুলি ওলোৱা নিৰ্দেশনা মোৰ মতে সাংবিধানিক নহয় ৷ সাংবিধানিকভাৱে ই স্বীকৃতিপ্ৰাপ্ত হয় নে নহয় আমি নাজানো ৷ কাৰণ ইয়াত কেবিনেট আৰু সদনৰ কোনো নাই ৷ আমি ইয়াক আইনগত দিশেৰে চাব লাগিব ৷ প্ৰত্যাহ্বানযোগ্য হ'লে আমি প্ৰত্যাহ্বান জনাম ৷ তেওঁলোকে ক'লেই ন'হব, এতিয়াও বিটিআৰ হোৱা নাই ৷" বিটিএডি বিটিআৰ হোৱাৰ পিচত সদ্যপ্ৰকাশিত জাননীখনক লৈ এই মন্তব্য প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷

মঙলবাৰে বাক্সাৰ বৰমাত বিপিএফৰ একাংশ বিধায়কৰ সৈতে প্ৰাক্তন কাৰ্যবাহী সদস্যসকল এক আলোচনাত মিলিত হয় ৷ বৰমাৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ ঘৰত অনুষ্ঠিত এই বৈঠক সন্দৰ্ভত মহিলাৰীয়ে কয় যে আগন্তুক বিটিচি নিৰ্বাচনক লৈ তেঁওলোক আলোচনাত মিলিত হৈছিল ৷ সাংবাদিকসকলক উদ্দেশ্যি তেওঁ কয় যে তেওঁলোকৰ হিচাপত নিৰ্বাচন 27 অক্টোবৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগে ৷

বিটিচি নিৰ্বাচন 27 অক্টোবৰৰ ভিতৰত অনুষ্ঠিত কৰাৰ দাবী

ৰাজ্যপালৰ শাসনৰ বাবে বিটিচিত উন্নয়ন প্ৰায় স্থবিৰ হৈ যোৱা বুলি অভিযোগ তুলি মহিলাৰীয়ে কয় যে ছমাহৰ ৰাজ্যপালৰ শাসনত সকলো ৰাইজে পাৰ্থক্য বুজি উঠিছে ৷ ৰাজ্যপালৰ শাসনৰ ফলত বিটিচিত গণতন্ত্ৰ নোহোৱা হ'ল বুলিও মহিলাৰীয়ে অভিযোগ তুলে ৷ বিপিএফ দলৰ লগতে বিটিচি ধ্বংসৰ এক পূৰ্ণ ষড়যন্ত্ৰ চলি আছে বুলি অভিযোগ তুলি তেওঁ প্ৰশ্ন কৰে যে বিটিআৰত 52 খন গাঁও কৰ্তনৰ তালিকা প্ৰকাশ কৰি নতুনকৈ অন্তৰ্ভুক্ত গাঁৱৰ তালিকা কিয় প্ৰকাশ কৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

লগতে পঢ়ক: বাঙালী জাতি আৰু ভাষাৰ নামত ৰাজনৈতিক দলক সমৰ্থন নকৰে বাঙালী ঐক্য মঞ্চই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.