ETV Bharat / state

গোৰেশ্বৰত বানৰ তাণ্ডৱ, নষ্ট ২০ বিঘা মাটিৰ কলৰ খেতি

author img

By

Published : May 19, 2022, 8:53 PM IST

জেঠমহীয়া বানে ভাঙি চুৰমাৰ কৰিলে গোৰেশ্বৰৰ ৫ যুৱকৰ সপোন । নৈৰ বুকুত জাহ গ'ল যুৱককেইজনে আৰম্ভ কৰা কলৰ খেতি । প্ৰায় ২০ বিঘা ভূমিৰ কলৰ খেতি নষ্ট কৰিলে বানপানীয়ে (Flood destroys banana cultivation in Goreshwar)। আৰ্থিক সংকটত পৰাৰ আশংকাত কৃষকসকল ।

Flood
গোৰেশ্বৰত বানৰ তাণ্ডৱ

তামুলপুৰ,১৯ মে' : ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া জেঠমহীয়া বানে তাণ্ডৱ চলাইছে (Flood in Assam)। লক্ষাধিক লোক বানৰ কৱলত পৰিছে । হাজাৰ হাজাৰ কৃষি ভূমি এতিয়া পানীৰ তলত । যাৰ বাবে বহু স্থানত কৃষকসকল সমস্যাৰ সন্মুখীন হৈছে (Floods hit farmers in Goreshwar)।

বানৰ কৱলত পৰিছে তামুলপুৰ জিলাৰ একাংশ কৃষকৰ কলৰ খেতি । তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ জলঠেংপাৰত ২০ বিঘা মাটিৰ মালভোগ কলৰ খেতি বানে বিধস্ত কৰিলে (Flood destroys banana cultivation in Goreshwar)। প্ৰায় ১৬ লাখ টকাৰ ক্ষতি হোৱা বুলি উল্লেখ কৰিলে কৃষকসকলে ।

নষ্ট ২০ বিঘা মাটিৰ কলৰ খেতি

উল্লেখ্য যে জিলাখনৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাওকাটাৰ ১ নং জলঠেংপাৰা গাঁওখন শেহতীয়াকৈ বান কৱলত পৰিছে । গাঁৱখনৰ ৫ জন নিবনুৱা যুৱকে বহু আশাৰে ৫০ বিঘা মাটিত কলৰ খেতি আৰম্ভ কৰিছিল । কিন্তু প্ৰদীপ ডেকা, চন্দন কাকতি, জগদীশ শৰ্মা, দীনেশ কুমাৰ আৰু প্ৰণৱ শৰ্মাৰ এই কলৰ খেতিৰ প্ৰায় ২০ বিঘাই পানীয়ে বুৰাই পেলাই । ইয়াৰে প্ৰায় ৭ বিঘা ভূমি নদীত জাহ যোৱাৰ লগতে ১৩ বিঘাৰো অধিক ভূমি নদীৰ বালিয়ে পুটি পেলাইছে ।

বালিয়ে পুটি পেলোৱাৰ বাবে সম্প্ৰতি শুকাবলৈ আৰম্ভ কৰিছে ফল ওলাবলৈ ধৰা কলগছবোৰ । যাৰ বাবে যুৱককেইজনে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে । ঋণ লৈ কলৰ খেতি আৰম্ভ কৰা যুৱককেইজনে এতিয়া হতাশাত ভূগিছে । তেওঁলোকক সহায়ৰ বাবে স্থানীয় প্ৰতিনিধিক আহ্বান জনাইছে যুৱককেইজনে ।

লগতে পঢ়ক :বানৰ বিভীষিকা: ৩৬২ কোটি টকীয়া ৰঙানদীৰ মথাউৰিলৈ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.