তামুলপুৰ,১৩ জুলাইঃ বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ বিভিন্ন অঞ্চলত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইতিমধ্যে বানাক্ৰান্ত লোকসকলে শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে বানাক্ৰান্ত লোকসকলে ৷
দীৰ্ঘ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন জিলাৰ লগতে বাক্সাৰ তামুলপুৰতো ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঠিক একেদৰে গোৰেশ্বৰতো পুঠিমাৰী নৈয়ে হিৰিজোৰা,বগৰিবাড়ী, নিজকোছোলাকে ধৰি কেবা ঠাইতো মথাউৰি চিঙি ভয়ানক বানৰ সৃষ্টি কৰিছে। বানৰ ফলত জনসাধাৰণৰ কৃষিভূমি ঘৰ দুৱাৰ পানীৰ তলত ডুব গৈছে । ইফালে কৰ'ণা ভাইৰাছৰ বাবে সামাজিক দুৰত্ব মানি চলিব লাগে যদিও বানাক্ৰান্ত লোকে আশ্ৰয় শিবিৰত সামাজিক দুৰত্ব মানি চলিব পৰা নাই। যাৰ ফলত হয়তো কৰ'ণা ভাইৰাছে গণসংক্ৰমণ ঘটাব পাৰে বুলি সন্দেহ হৈছে আশ্ৰয় শিবিৰত থকা লোক সকলৰ ।
আনহাতে, স্থানীয় জনপ্ৰতিনিধি ৰ লগতে প্ৰশাসনে বানাক্ৰান্ত লোক সকলৰ খবৰ লৈ সাহাৰ্য দিছে যদিও সামাজিক দুৰত্বৰ ক্ষেত্ৰত ল'ব পৰা নাই কোনো ব্যৱস্থা। প্ৰশাসনে যদি সামাজিক দুৰত্বৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা নলয় তেতিয়াহ'লে পৰিস্থিতি ভয়ানক দিশে গতি কৰিব, সেয়েহে আশ্ৰয় শিবিৰ সমুহত সামাজিক দুৰত্বৰ ব্যৱস্থা কৰিবলৈ দাবী কৰিছে সচেতন লোক সকলে । উল্লেখযোগ্য যে, মন্ত্ৰী ভবেশ কলিতাৰ নিৰ্দেশত গোৰেশ্বৰ মণ্ডল বিজেপিয়ে আদি দ্বিতীয় দিনৰ বাবেও বানাক্ৰান্ত লোক সকলৰ খা- খবৰ লৈ সাহাৰ্য বিতৰণ কৰে ৷
লগতে পঢ়ক- প্ৰসংগ বানঃ সোণোৱাল-মহন্তৰ ঘোষণাক ফুটুকাৰ ফেন আখ্যা কংগ্ৰেছৰ