ETV Bharat / state

বৰনদীৰ বাঢ়নী পানীত আৱদ্ধ ৭ পৰিয়ালক উদ্ধাৰ এচডিআৰএফ বাহিনীৰ

কৰ'ণাৰ সমান্তৰালভাবে ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডব ৷ একেদৰে বাক্সা জিলাৰ তামুলপুৰতো বৰনদীৰ পানীয়ে তাণ্ডব চলাইছে অঞ্চলবাসীৰ মাজত ৷ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ ২ নং দোঙাৰ গাঁৱত বৰনদীৰ বাঢ়নী পানীত আৱদ্ধ হৈ পৰিছে ৭ টাকৈ পৰিয়াল ৷ পানীৰ কোবাল সোঁতত উটি যায় পৰিয়ালৰ কেইটাৰ গৰু-ছাগলী ,হাঁহ- কুকুৰা, গাহৰি আদি বহুতো পশুধন ৷ এচডিআৰএফ তথা স্থানীয় এবছু কৰ্মীসকলৰ সহযোগত উদ্ধাৰ পৰিয়ালকেইটাক ৷

Flood affected people rescued in baksa district
বৰনদীৰ বাঢ়নী পানীত আবদ্ধ ৭ টাকৈ পৰিয়াল
author img

By

Published : Jul 12, 2020, 5:46 PM IST

বাক্সা, 12 জুলাই : কৰ'ণাৰ সমান্তৰালভাবে ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডব ৷ ৰাজ্যখনৰ বহু কেইখন জিলা বৰ্তমান পানীৰ কবলত পৰাৰ লগতে বানপানীত আক্ৰান্ত হৈছে বহুলাখ লোক ৷ একেদৰে বাক্সা জিলাৰ তামুলপুৰতো বৰনদীৰ পানীয়ে তাণ্ডব চলাইছে অঞ্চলবাসীৰ মাজত ৷ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ ২ নং দোঙাৰ গাঁৱত বৰনদীৰ বাঢ়নী পানীত আৱদ্ধ হৈ পৰিছিল ৭ টাকৈ পৰিয়াল ৷

বৰনদীৰ বাঢ়নী পানীত আবদ্ধ ৭ টাকৈ পৰিয়াল

জানিব পৰা মতে, বিগত তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ তথা ভূটান পাহাৰত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত কালি নিশা হঠাৎ গাঁওখনৰ মাজেৰে বৰনদীৰ পানীৰ ঢল বৈ যোৱাত পানীৰ মাজতে আৱদ্ধ হৈ পৰে পৰিয়ালকেইটা ৷ দেওবাৰে পুৱা 9 মান বজাত উদ্ধাৰ কৰা হয় পৰিয়াল কেইটাৰ শিশু-মহিলাসহ 30 জনকৈ লোকক ৷

আনহাতে, পানীৰ কোবাল সোঁতত উটি যায় পৰিয়ালৰ কেইটাৰ গৰু-ছাগলী, হাঁহ- কুকুৰা, গাহৰি আদি বহুতো পশুধন ৷ সম্প্ৰতি স্থানীয় বিদ্যালয় এখনত আশ্ৰয় লৈ আছে পৰিয়াল কেইটাই ৷

উল্লেখ্য যে, পৰিয়াল কেইটাক এচডিআৰএফ তথা স্থানীয় এবছু কৰ্মীসকলৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : ইটিভি EXCLUSIVE : অসমৰ ক'ভিড সম্পৰ্কত স্বাস্থ্য মন্ত্ৰীৰ দাবীৰ বিপৰীত দৃশ্য কেন্দ্ৰীয় প্ৰতিবেদনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.