বাক্সা, 17 জুন : বাক্সাৰ গোৰেশ্বৰত 5 জন লোকৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ বৰ্তমান কৰ'ণা আতংকই বিৰাজ কৰাৰ লগতে গণ সংক্ৰমনৰ আংশকা দেখা দিছে গোৰেশ্বৰবাসীৰ মাজত ৷ COVID-19 পজিটিভ পোৱা বহুকেইজন লোকে হোম কোৱাৰাণ্টাইনত থকা ব্যক্তি আছিল বুলি জানিব পৰা গৈছে ৷
ইয়াৰোপৰি, গোৰেশ্বৰত চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰাৰ লগতে সামাজিক দূৰত্ব নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে প্ৰশাসন ৷
![হোম কোৱাৰাণ্টাইনত থকা ব্যক্তিৰ দেহত কৰ'ণা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bak-01-five-covid-19-positve-vis-7203823_17062020131030_1706f_1592379630_511.jpg)
আনহাতে, গোৰেশ্বৰত এতিয়া সজাগ হোৱা নাই লোকসকল ৷ আজি পাঁচজনৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ এই লোকসকল হৈছে 2 নং গোৰেশ্বৰৰ মনোজ চক্ৰৱৰ্তী(19), ঔগুৰিৰৰ ৰাতুল বসুমতাৰী(29), শুৱাগপুৰৰ বিষ্ণু বিশ্বকৰ্মা (37), নাওকাটা কলবাৰীৰ কমল কুমাৰ বড়ো (37) আৰু খৈৰাঝাৰৰ পৰমেশ্বৰ বড়ো(20) ৷
লগতে পঢ়ক : আইন প্ৰণয়নৰ পূৰ্বৰ অপৰাধত মৃত্যুদণ্ড প্ৰদান কৰা নহয় : উচ্চতম ন্যায়ালয়