ETV Bharat / state

এন আৰ চিৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত প্ৰতিবাদ

author img

By

Published : Sep 13, 2019, 6:24 PM IST

এন আৰ চিৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত প্ৰতিবাদ ৷ বাক্সাৰ কুমাৰীকাটা আৰক্ষী চকীত প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল দুই শতাধিকৰো অধিক এন আৰ চিৰ পৰা বঞ্চিত ৰাইজৰ ৷ আনহাতে,এন আৰ চিৰ পৰা বাদ পৰা হিন্দু বাঙালী সকলক বিনাচৰ্তে এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

এন আৰ চিৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত প্ৰতিবাদ

বাক্সা, 13 চেপ্তেম্বৰঃ এন আৰ চি প্ৰকাশৰ পিছৰে পৰা এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ বাক্সাৰ কুমাৰীকাটা আৰক্ষী চকীত প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজেহাৰ দাখিল দুই শতাধিকৰো অধিক এন আৰ চি বঞ্চিত ৰাইজৰ ৷ বৃহত্তৰ ৰঙাপানী আৰু গাৰুঘটো অঞ্চলৰ প্ৰায় দুই শতাধিক লোকে আজি কুমাৰীকাটা আৰক্ষী চকীত উপস্থিত হৈ সুকীয়া সুকীয়াকৈ প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ অঞ্চলটোৰ অধিক সংখ্যক লোকে ১৯৫১ চন আৰু ১৮৭১ চনৰ লিগেছী ডাটাৰ প্ৰ পত্ৰ পূৰণ কৰিছিল তাৰ পিছতো চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নহ’ল বহু সংখ্যক লোকৰ ৷ উপযুক্ত নথি পত্ৰ থকা সত্বেও প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী বনোৱাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷

আনহাতে, এন আৰ চিৰ পৰা বাদ পৰা হিন্দু বাঙালী সকলক বিনাচৰ্তে এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত কৰা এই প্ৰতিবাদত শতাধিক লোকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতীক হাজেলা বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদত অংশ গ্ৰহণ কৰি বাঙালী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যকৰী সভাপতি ৰতন সেনে এন আৰ চিত হিন্দু বাঙালী সকলক টাৰ্গেট কৰি প্ৰকৃত ভাৰতীয় হিন্দু বঙালী সকলক বিদেশী সজোৱাৰ চক্ৰান্ত চলোৱা বুলি অভিযোগ উত্থাপন কৰে৷ লগতে প্ৰতীক হাজেলাক ইয়াৰ বাবে জগৰীয়া কৰি হাজেলাৰ বিৰুদ্ধে বাঙালী সকলক গোচৰ দিবলৈ আহ্বান জনাই ৷ এন আৰ চিৰ নামত মৃত্যুবৰণ কৰা সকলক ক্ষতিপূৰণ দিয়াৰ বাবেও চৰকাৰক দাবী জনায় বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেছনে ৷

Intro:বাক্সাৰ কুমাৰীকাটা আৰক্ষী চকীত প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজেহাৰ দাখিল দুই শতাধিকৰো অধিক এনআৰচি বঞ্চিত ৰাইজৰ। Body:বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীত প্ৰতীক হাজেলাৰ বিৰুদ্ধে আজিও এজেহাৰ দাখিল। এনআৰচিত নাম নহা প্ৰায় দুই শতাধিক লোকৰ এজাহাৰ দাখিল হাজেলাৰ বিৰুদ্ধে । বৃহত্তৰ ৰঙাপানী আৰু গাৰুঘটো অঞ্চলৰ প্ৰায় দুই শতাধিক লোকে আজি কুমাৰীকাটা আৰক্ষী চকীত উপস্থিতত হৈ সুকীয়া সুকীয়াকৈ প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। জানিব পৰা মতে অঞ্চলতোৰ অধিক সংখ্যক লোকে ১৯৫১ চন আৰু ১৮৭১ চনৰ লিগেছী ডাটাৰ প্ৰ পত্ৰ পুৰণ কৰিছিল । তথাপিও কাৰবাৰ লৰা ছোৱালীৰ নাম এন আৰ চিৰ চুড়ান্ত তালিকাত নাম আহিল যদিও কিন্তু পিতৃ মাতৃৰ নাম নাহিল বুলি প্ৰকাশ কৰে ।Conclusion:প্ৰথম আৰু দ্বিতীয় খচৰাত নাম থকাৰ পিছত তথা উপযুক্ত নথি পত্ৰ থকা সত্বেও প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী বনোৱাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.