বাক্সা , 12 জানুৱাৰীঃ ভূমি বিবাদক কেন্দ্ৰ কৰি হোৱা সংঘাতত আহত হ’ল 9 জনকৈ লোক ৷ বাক্সাৰ বংশীবাৰীত এটুকুৰা ভূমিক কেন্দ্ৰ কৰি দেওবাৰে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰাপ্ত তথ্য মতে, বিতৰ্কিত ভূমিখিনি কিছু সংখ্যক লোকে নিজৰ নামত নামজাৰি নকৰাকৈ দীৰ্ঘদিন ধৰি ভোগ দখল কৰি আহিছিল ৷ কিন্তু ক্ৰয় কৰা উক্ত ভূমিত ঘৰ নিৰ্মাণৰ চেষ্টা কৰোঁতেই তেঁওলোকক আন এক পক্ষই লাঠি , দা , ডেগাৰ আদিৰে প্ৰহাৰ কৰাত 9 জনকৈ লোক আহত হয় ৷ আহত হোৱা ব্যক্তি সকল ক্ৰমে আব্দুল কালাম (30) দিলোৱাৰ হুছেইন (32), হায়দৰ আলী (35)¸ ময়নাল হক (40), ছামচ উদ্দিন (40), জাহানাৰা খাতুন (38), অজুফা খাতুন (28), শ্বজিৰণ নেছা (35), তছলিম উদ্দিন (42) ৷ আহত লোক সকলক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ উল্লেখযোগ্য যে, মূৰত উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত কেইবাজনো লোক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ৷ ঘটনা সম্পৰ্কত অভিযুক্ত লোক সকলৰ বিৰুদ্ধে গোৱৰ্ধনা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃব্যতিক্ৰমী ভেলাঘৰেৰে ভোগালীক আদৰাৰ প্ৰস্তুতি জাজৰি শিমলুতলবাসীৰ