ETV Bharat / state

ABSU felicitation program : বৰমাত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা - ABSU felicitation program at Baksa

বৰমা অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় (Felicitation program at Barama)। বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাই বৰমা অঞ্চলটোৰ শীৰ্ষ ১০ গৰাকী কৃতী শিক্ষাৰ্থীক আৰু বৰমা এবছুই ৬৭ গৰাকী কৃতী শিক্ষাৰ্থীক আৰণাই, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায় ৷

ABSU felicitation program
বাক্সাৰ বৰমাত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা
author img

By

Published : Jul 12, 2022, 5:47 PM IST

বাক্সা,১২ জুলাই : বাক্সা জিলাৰ বৰমাত প্ৰাথমিক বড়ো সাহিত্য সভা আৰু বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় (Felicitation program at Barama)। এই অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় । কৃতী ছাত্ৰ-ছাত্ৰীসকলক বৰমা প্ৰাথমিক বড়ো সাহিত্য সভা আৰু বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাই (এবছু) পৃথকে পৃথকে সম্বৰ্ধনা জনায় (ABSU felicitation program at Baksa) ৷

বৰমাত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

বৰমা এবছুৰ সভাপতি জিতেন ফুং বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা সভাত কেন্দ্ৰীয় এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰী, বৰমা আঞ্চলিক বড়ো সাহিত্য সভাৰ সভাপতি বুদোৰাম বড়ো, সম্পাদক খ্ৰৌমচাৰ বসুমতাৰী, আঠিয়াবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰণিচ ছাংগ্ৰাং ৰামছিয়াৰী, বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ-সভাপতি হাংগামা বড়োৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্য যে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাই বৰমা অঞ্চলটোৰ শীৰ্ষ ১০ গৰাকী কৃতী শিক্ষাৰ্থীক আৰু বৰমা এবছুই ৬৭ গৰাকী কৃতী শিক্ষাৰ্থীক আৰণাই, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায় ৷

লগতে পঢ়ক :Felicitation ceremony at Dhing: মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.