বাক্সা,29 ফেব্ৰুৱাৰীঃ গোৰেশ্বৰ এচ বি আই শাখা কাৰ্যালয়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পি এম কিষাণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ ৷ এই অনুষ্ঠান চাবলৈ শতাধিক ৰাইজ উপস্থিত হয় ভাৰতীয় ষ্টেট বেংকৰ এই শাখা কাৰ্যালয়টোত ৷
গোৰেশ্বৰ এচ বি আই শাখাত গ্ৰাহক নহয় দৰ্শকৰ ৰূপত আহিল বহু লোক । কাৰণ দিনৰ ভাগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পি এম কিষাণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ চলি আছিল বিভিন্ন বৈদ্যুতিক সংবাদ মাধ্যম সমূহত ৷ উপস্থিত গ্ৰাহক সকলৰ লগতে সাধাৰণ জনতাইও উপভোগ কৰিলে এই অনুষ্ঠান । উল্লেখ্য যে, পি এম কিষাণৰ গ্ৰাহকক সজাগতা অনাৰ বাবে এই সুবিধা প্ৰদান কৰিছে গোৰেশ্বৰ এচ বি আই শাখাই । এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীৰ এচ বি আইৰ মূখ্য প্ৰৱন্ধক নন্দু ৰাম শৰ্মা । চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হৈছে এই জন জাগৰণ সভা । গাঁৱে-ভূঞে গ্ৰাহকক সজাগতা অনাৰ বাবে আৰম্ভ কৰিছে এই সভা। আনহাতে এই আচঁনিৰ জৰিয়তে গাঁৱৰ দৰিদ্ৰ কৃষক সকল লাভান্বিত হ'ব বুলি জানিবলৈ দিয়াৰ উপৰিও উক্ত সা-সুবিধাৰ বাবে শাখা কাৰ্যালয়ৰ লগতে গ্ৰাহক সেৱা কেন্দ্ৰত যোগায়োগ কৰিবলৈ আহ্বান জনায় মুখ্য প্ৰবন্ধক নন্দু ৰাম শৰ্মাই ।
লগতে চাওকঃ