ETV Bharat / state

Assam Lemon export to London: লণ্ডনলৈ ৰপ্তানি বাক্সাৰ নেমু - বাক্সাৰ মুছলপুৰৰ পৰা সুদূৰ লণ্ডনলৈ ৰপ্তানি আৰম্ভ হৈছে নেমু টেঙাৰ

বাক্সা জিলাৰ কৃষকসকলে বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । জিলাখনৰ পৰা শনিবাৰে লণ্ডনলৈ পঠিওৱা হ'ল নেমু টেঙা (Export of Lemon from Baksa to London)। নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত প্ৰায় চাৰি হাজাৰ নেমু লণ্ডনলৈ ৰপ্তানি কৰা হৈছে । এই ৰপ্তানিৰ ফ্লেগ অফ কৰে বাক্সা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গে ।

Assam Lemon export to London
লণ্ডনলৈ ৰপ্তানি বাক্সাৰ নেমু
author img

By

Published : Jul 16, 2022, 1:58 PM IST

বাক্সা, ১৬ জুলাই : বিগত বছৰবোৰত অসমৰ কৃষি ক্ষেত্ৰত বিভিন্ন ধৰণৰ উন্নয়ন হোৱা দেখা গৈছে । প্ৰকৃতিয়ে কেতিয়াবা কৃষকসকলক নিৰাশ কৰিছে যদিও কৃষকসকলৰ ধৈৰ্য্য আৰু চেষ্টাৰ বলত বিশ্বদৰবাৰত জিলিকিছে অসমৰ বিভিন্ন শাক-পাচলি, ফল আদি । বিশেষকৈ অসমৰ নেমু টেঙা ৰপ্তানি হৈছে দেশৰ লগতে বিদেশলৈ (Lemons from Assam are being exported abroad)।

এই ক্ষেত্ৰত সফল হৈছে বাক্সা জিলাৰ কৃষকসকল । কিয়নো বাক্সাৰ মুছলপুৰৰ পৰা সুদূৰ লণ্ডনলৈ ৰপ্তানি আৰম্ভ হৈছে নেমু টেঙাৰ (Export of Lemon from Baksa to London)। শনিবাৰে বাক্সাৰ উপায়ুক্ত আয়ুষ গাৰ্গে এই বিশেষ অভিযানৰ শুভাৰম্ভ কৰে (Export of lemon from Baksa to London launched)।

লণ্ডনলৈ ৰপ্তানি বাক্সাৰ নেমু

এই অভিযানৰ জৰিয়তে নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত উৎপাদন কৰা প্ৰায় চাৰি হাজাৰ নেমু লণ্ডনলৈ ৰপ্তানি কৰা হৈছে । নেমু ৰপ্তানিৰ ফ্লেগ অফ কৰে জিলা উপায়ুক্ত আয়ুষ গাৰ্গে । কাৰ্যসূচীত অংশগ্ৰহণ কৰি উপায়ুক্তগৰাকীয়ে কয় যে বাক্সা জিলাৰ কৃষকসকলে এতিয়া আৰু উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত কোনো চিন্তা কৰিব নালাগে । সকলো কৃষকে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ জিলা কৃষি বিভাগৰ লগত যোগাযোগ কৰিব পাৰিব ।

জিলা কৃষি বিভাগৰ লগতে আন বিভাগসমূহেও কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে সহায় সহযোগিতা আগবঢ়াব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে । কৃষকসকলক প্ৰতিদিনে এক হাজাৰ কিলোগ্ৰাম নেমু ৰপ্তানি কৰিবলৈ তেওঁ আহ্বান জনায় । আনহাতে নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ (Neelachal Agro Producer Company Limited) মুখ্য কাৰ্যবাহী বিষয়া মানস প্ৰতীম কলিতাই জিলা উপায়ুক্ত আয়ুষ গাৰ্গৰ সহযোগত প্ৰথমবাৰৰ বাবে বিদেশলৈ নেমু ৰপ্তানি কৰিবলৈ সক্ষম হয় ।

মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ মতে বাক্সা জিলা নেমু খেতিৰ বাবে উত্তম । সেয়েহে নেমু খেতি কৰাৰ বাবে কৃষকসকল আগবাঢ়ি আহিছে । ইতিমধ্যে প্ৰায় সাতশ কৃষকে নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডত পঞ্জীভুক্ত হৈ নেমু খেতিৰ উৎপাদনেৰে এক বিপ্লৱৰ সূচনা কৰা বুলি উল্লেখ কৰে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে । উল্লেখ্য যে দুবছৰ পূৰ্বে হৰ্টিকালচাৰ মিছন ফৰ নৰ্থ ইষ্ট এণ্ড হিমালয়ান ষ্টেট নামৰ কেন্দ্ৰীয় আঁচনিৰ জৰিয়তে ইণ্ডি‌য়ান চ'ছাইটি অৱ এগ্ৰিবিজনেছ প্ৰফেচনেলচৰ সহযোগত নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেড গঠন কৰা হৈছিল ।

এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিন, আৰক্ষী অধীক্ষক ৰাজেন সিং, বাক্সা জিলাৰ কৃষি বিষয়া দুলাল দাস, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰৱন্ধক হীৰেন তালুকদাৰ, উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ তামুলপুৰৰ অধীক্ষক দূৰ্গা কিংকৰ ভট্টাচাৰ্যৰ লগতে বহু লোক উপস্থিত থাকে ।

লগতে পঢ়ক :Diarrhoea control fortnight: দৰঙত আৰম্ভ বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.