ETV Bharat / state

বৰমাত আৰম্ভ বস্ত্ৰ তাত হস্তশিল্প মেলা - বডোলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল

বাক্সাৰ বৰমাত 10 মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ অনুষ্ঠিত হৈছে বস্ত্ৰ তাত হস্তশিল্প মেলা ৷ বডোলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ অন্তৰ্গত বস্ত্ৰ তাত হস্তশিল্প "ব্ৰাফেদ"ত অনুষ্ঠিত হয় বস্ত্ৰ তাত হস্তশিল্প মেলা ৷

বৰমা
বৰমাত চাৰিদীনিয়া কাৰ্যসূচীৰে আৰম্ভ বস্ত্ৰ তাত হস্তশিল্প মেলা
author img

By

Published : Mar 11, 2020, 10:41 AM IST

Updated : Mar 11, 2020, 1:15 PM IST

বাক্সা, 11 মাৰ্চঃ বৰমাত মঙলবাৰ পৰা আৰম্ভ হয় বস্ত্ৰ তাত হস্তশিল্পৰ মেলা ৷ বৰমা,বডোলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ অন্তৰ্গত বস্ত্ৰ তাত হস্তশিল্প "ব্ৰাফেদ" অনুষ্ঠিত হয় 10 মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ বৰমা লক্ষী মন্দিৰ প্ৰাংগণত চলিবলগীয়া মেলা শুভ উন্মোচন কৰে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই ৷ ব্ৰাফেদৰ অধ্যক্ষ বিনোদ নাৰ্জাৰীয়ে সভাপতিত্ব কৰা সভাত উপস্থিত থাকে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মা,ব্ৰাফেদৰ শাখা পৰিচালক এন.এন. ৰাণা পাটগিৰীয়ে ৷ আনহাতে, মুকলি অনুষ্ঠানত বোলছবি জগতৰ অভিনেত্ৰী তথা অনাতাঁৰ শিল্পী চেতনা দাস উপস্থিত থাকি ৰাইজক আমোদ দিয়ে ৷ ব্ৰাফেদৰ শাখা পৰিচালক এন.এন. ৰাণা পাটগিৰীয়ে ভাষণত কয় যে,অসম তথা বড়োলেণ্ডৰ কাপোৰ বিদেশত বহু চাহিদা আছে ৷ তেওঁ শিপিনী সকলক দুগুণ উৎসাহেৰে কাম কৰিবলৈ উৎসাহ যোগায় ৷ এই বস্ত্ৰ তাত হস্তশিল্পৰ মেলাত চৰকাৰী ভাৱে পোন্ধৰ লাখ টকা খৰচ হ'ব বুলি কোৱাৰ লগতে ৮৫ লাখ টকাৰ সামগ্ৰী বেচিব বুলিও কয় পাটগিৰীয়ে ৷

বৰমাত চাৰিদীনিয়া কাৰ্যসূচীৰে আৰম্ভ বস্ত্ৰ তাত হস্তশিল্প মেলা

আৰু পঢ়কঃ কৰ'ণাভাইৰাছ আতংক : 35 শতাংশলৈ হ্ৰাস মূৰ্গীৰ বিক্ৰী

Last Updated : Mar 11, 2020, 1:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.