ETV Bharat / state

সাৱধান ! শিশুৰ খাদ্যৰ নামত বৰবিহ - ম্যাদ উকলা শিশু খাদ্য বিক্ৰী

ম্যাদ উকলা শিশু খাদ্য বিক্ৰী ব্যৱসায়ী প্ৰতিষ্ঠান কনক ষ্ট’ৰৰ ৷ বাক্সা জিলাৰ বৰমাত সংঘটিত হৈছে এই জঘন্য কাণ্ড ৷

Expiry Date Food Item Sold in Baksa
Expiry Date Food Item Sold in Baksa
author img

By

Published : Jul 17, 2020, 4:38 PM IST

বৰমা, 17 জুলাই: বাক্সা জিলাৰ বৰমাত পোহৰলৈ আহিছে এই জঘন্য কাণ্ড ৷ শিশুৰ পুষ্টিকৰ খাদ্য কিনাৰ সময়ত চাবলৈ নাপাহৰিব পেকেটত থকা তাৰিখ ৷ কাৰণ একাংশ অসাধু ব্যৱসায়ীয়ে ম্যাদ উকলা শিশু খাদ্য বিক্ৰী কৰি বিপদ মাতিব পাৰে আপোনাৰ শিশুলৈ ৷ বাক্সা জিলাৰ বৰমাৰ আগশাৰীৰ ব্যৱসায় প্ৰতিষ্ঠান কনক ষ্ট’ৰত সংঘটিত হৈছে এক অনুৰূপ ঘটনা ৷

লক ডাউনৰ সময়ত কনক ষ্ট’ৰ নামৰ ব্যৱসায় প্ৰতিষ্ঠানখনে নিৰ্দিষ্ট কোম্পানীৰ পৰা লাভ কৰিছিল শিশুৰ পুষ্টিকৰ খাদ্য বিক্ৰীৰ অনুমতি ৷ সেই অনুসৰি মঙলবাৰে দোকানখনৰ পৰা এগৰাকী অশিক্ষিত মহিলাই ক্ৰয় কৰিছিল বজাৰত উপলব্ধ চেৰেলেক নামৰ শিশুখাদ্য ৷ কিন্তু চলিত বৰ্ষৰ এপ্ৰিল মাহতেই ম্যাদ উকলিছে ক্ৰয় কৰা শিশুখাদ্য বিধৰ ৷ ঘৰলৈ অনাৰ পাচত সামগ্ৰীটোৰ উৎপাদন তাৰিখলৈ লক্ষ্য কৰাতহে পোহৰলৈ আহে এই সমগ্ৰ বিষয়টো ৷

ম্যাদ উকলা শিশু খাদ্য বিক্ৰী

অৱশ্যে ম্যাদ উকলা শিশুখাদ্যবিধ ঘূৰাই দিবলৈ গৈ বিপাঙত পৰে মহিলাগৰাকী ৷ কাৰণ প্ৰথম অৱস্থাত সেই সামগ্ৰী তেওঁৰ দোকানখনৰ নহয় বুলি কয় স্বতাধিকাৰী বিপুল শৰ্মাই ৷ পিচত দোকানখনৰ কৰ্মচাৰী এজনে সামগ্ৰীটো দিয়া বুলি কোৱাতহে মান্তি হয় স্বতাধিকাৰীজন ৷ মহিলাগৰাকীয়ে ম্যাদ উকলা শিশুখাদ্যটো ঘূৰাই দিয়াৰ সময়ত মহিলাগৰাকীৰ লগত গৈছিলএজন যুৱক ৷ যুৱকজনে ম’বাইলত ভিডিঅ’ কৰিছিল ম্যাদ উকলা শিশু খাদ্যটোৰ ৷ সেইটোৱে হ’ল মহিলাগৰাকীৰ অপৰাধ ৷ শিশুখাদ্য বিধ ৰাখি থ'লেও দোকানৰ স্বত্বাধীকাৰী বিপুল শৰ্মাই মহিলাগৰাকীক ঘুৰাই দিয়া নাই শিশু খাদ্যটোৰ মূল্য অথবা আন বিকল্প পুষ্টিকৰ শিশু খাদ্য ৷ কিন্তু শিশু খাদ্য বিধ ৰাখি থলেও ঘূৰাই নিদিলে ধন অথবা বিকল্প পুষ্টিকৰ শিশু খাদ্য ৷

উল্লেখ্য যে এইগৰাকী ব্যৱসায়ীয়ে পূৰ্বেও ম্যাদ উকলা বিস্কুত বিক্ৰী কৰি ৰোষত পৰিছিল চেম্বাৰ্চ অফ কমাৰ্চ আৰু স্থানীয় লোকৰ ৷ কিন্তু ইয়াৰ পাচতো শিক্ষা লোৱা নাই প্ৰতিষ্ঠানখৰ স্বত্বাধিকাৰী বিপুল শৰ্মাই ৷ এই ক্ষেত্ৰত খাদ্য পৰিদৰ্শন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে চাওক-ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ ৭ খন এডভান্স লেণ্ডিং গ্ৰাউণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.