বাক্সা,7 জুলাই : 2020 চনত বড়ো শান্তি চুক্তিৰ স্বাক্ষৰ হৈছিল ৷ তাৰে 9 নং দফাত উল্লেখ কৰা হৈছিল যে মূলসূঁতিলৈ ঘূৰি অহা সকলো এনডিএফবিৰ কেডাৰসকলক পুনৰ সংস্থাপন দিয়া হ’ব ৷ এই ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল ৷ অৰ্থাৎ যোগ্যতাৰ ভিত্তিত প্ৰাক্তন এনডিএফবিৰ সদস্যসকলক মাহত 6 হাজাৰ টকা আৰু 3 বছৰৰ পাচত 4 লাখ টকাৰ এক ফিক্সড ডিপজিট (Fixed Deposit) ৷
এই ফিক্সড ডিপজিট (Fixed Deposit)ৰ জৰিয়তে যাতে প্ৰাক্তন এনডিএফবিৰ সদস্যসকলে ভৱিষ্যতে আত্মনিৰ্ভৰশীল হয় ৷ সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰদান কৰিছে 4 লাখ টকাৰ এই সাহায্য ৷ লগতে প্ৰাক্তন এনডিএফবিৰ সদস্যসকলক বিভিন্ন বিভাগত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷
ৰাজ্য চৰকাৰৰ হৈ মঙলবাৰে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে অসম আৰক্ষী বিশেষ শাখাৰ এডিজিপি হীৰেন নাথে (ADGP Hiren Nath) ৷
উল্লেখ্য যে, বাক্সাত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বড়ো বিদ্ৰোহী সংগঠন এনডিএফবিৰ মূলসূঁতিলৈ ঘূৰি অহা কেডাৰসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ এই প্ৰশিক্ষণ কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত ভিডিঅ’ কনফাৰেঞ্চ (video Conference) যোগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আদৰণি ভাষণ প্ৰদান কৰে ৷ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত এনডিএফবিৰ কেডাৰসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে বিভিন্ন ভাষণ প্ৰদান কৰে । বাক্সা জিলাৰ বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত দক্ষতা বিকাশ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ বিশেষ শাখাৰ এডিজিপি হীৰেন নাথ (ADGP Hiren Nath) ৷
অসম চৰকাৰৰ পৰা প্ৰাক্তন এনডিএফবিৰ কেডাৰসকলৰ 1429 গৰাকীক চাৰি লাখ টকাকৈ এককালীন সাহায্য দিয়াৰ লগতে বাকী থকা চাৰিহাজাৰ সদস্যকো ছেপ্তেম্বৰৰ ভিতৰত এক সাহায্য প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে এডিজিপি হীৰেন নাথে (ADGP Hiren Nath) ৷ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ তৎপৰতাত বড়োভূমিত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে ৷ সেয়ে যিসকল বড়ো যুৱকে অস্ত্ৰ হাতত তুলি লৈছে, তেওঁলোককো মূলসূঁতিলৈ আহিবলৈ আহ্বান জনাই আৰক্ষীৰ বিশেষ শাখাৰ এডিজিপি গৰাকীয়ে ৷
অন্যথা অসম আৰক্ষী(Assam Police)য়ে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে এডিজিপি হীৰেন নাথে (ADGP Hiren Nath) ৷ এই অনুষ্ঠানত বিটিআৰৰ বিশেষ আৰক্ষী সঞ্চালত প্ৰধান এল আৰ বিষ্ণৈই, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সঞ্চালক জুৰি দলে, বাক্সা জিলা উপায়ুক্ত আয়ুষ গাৰ্গ, আৰক্ষী অধীক্ষক ৰাজেন সিঙকে ধৰি কেইবাজনো আৰক্ষী বিষয়াৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লোক উপস্থিত থাকে ৷
লগতে পঢ়ক: সোণালী আখৰেৰে লিখা গুৰু গ্ৰন্থ চাহিব