ETV Bharat / state

15 বছৰে বিটিচিৰ চীফ হৈ হাগ্ৰামাই কেৱল লুণ্ঠহে চলাইছে : বিশ্বজিৎ দৈমাৰী - বিটিচি

হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰৱ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী ৷ হাগ্ৰামাই বিটিচিৰ ৰাইজক বিশ্বাসঘাটকতা কৰিছে ৷ বিটিচিৰ চীফ হৈ হাগ্ৰামাই কেৱল লুণ্ঠহে চলালে বুলি মন্তব্য় কৰিছে শেহতীয়াকৈ বিজেপিত যোগদান কৰা বিশ্বজিৎ দৈমাৰীয়ে ৷

biswajit daimary comments
বিশ্বজিৎ দৈমাৰীৰ মন্তব্য়
author img

By

Published : Nov 29, 2020, 2:17 PM IST

বাক্সা,29 নৱেম্বৰ : বিপিএফ দল ত্যাগ কৰি শেহতীয়াকৈ বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী এইবাৰ একালৰ সতীৰ্থ প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ শনিবাৰে এক বাক্সাৰ এক নিৰ্বাচনী সভাত ভাগ লৈ হাগ্ৰামা মহিলাৰীক ‘বিশ্বাসঘাটক’ আখ্যা দিয়ে প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

হাগ্ৰামাক সমালোচনা কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে, হাগ্ৰামাই বিটিচি ৰাইজৰ সৈতে বিশ্বাসঘাটকতা কৰিছে ৷ বিটিচিৰ উন্নয়নৰ নামত অহা ধন এফালৰ পৰা লুণ্ঠন চলাইছে হাগ্ৰামা মহিলাৰীয়ে ৷

বিশ্বজিৎ দৈমাৰীৰ মন্তব্য়

বিশ্বজিৎ দৈমাৰীৰ অভিযোগ অনুসৰি, বিটিচিবাসীৰ সপোনক ধুলিসাৎ কৰিছে হাগ্ৰামাই ৷ বিগত পোন্ধৰ বছৰে বিটিচিৰ চীফ হৈ আঁচনিৰ নামত অহা ধন ঠিকাদাৰৰ সৈতে লগলাগি কেৱল নিজৰ পকেটত সোমাইছে হাগ্ৰামাই ৷ বিটিচিত যিমান দুৰ্নীতি হৈছে তাৰ বিষয়ে ক’বলৈ ভাষা নাই ৷ প্ৰতিটো আঁচনিতে সংঘটিত হৈছে এই দুৰ্নীতি ৷ আঠুৱা, কম্বল, টিনপাত, চাইকেল ক্ৰয়ৰ ক্ষেত্ৰতো হাগ্ৰামাৰ আমোলত সংঘটিত হৈছে ভয়াৱহ দুৰ্নীতি ৷ সেয়েহে এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হ’ব লাগে, যাতে হাগ্ৰামাই কৰিব নোৱাৰা কামবোৰ আমি কৰিব পাৰো ৷

ইফালে হাগ্ৰামা মহিলাৰী এগৰাকী ৰাজনৈতিক নেতা নে ব্যৱসায়ী বুলিও সন্দেহ ব্যক্ত কৰে বিশ্বজিত দৈমাৰীয়ে ৷ বিটিচিৰ উন্নয়নৰ ধনেৰে হাগ্ৰামাই হোটেল, ৰেষ্টুৰেণ্ট, হাস্পতাল নিৰ্মাণ কৰি হাগ্ৰামাই ব্যৱসায় চলাই থকা বুলি অভিযোগ উত্থাপন কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে, হোটেলৰ মেনেজাৰৰ পৰা হিচাপ লোৱা হাগ্ৰামাই ৰাইজৰ কি উন্নয়ন কৰিব ? আনকি এইবাৰ হাগ্ৰামা মহিলাৰী বিটিচিৰ চীফ হোৱাটো দূৰৰ কথা, নিজৰ সমষ্টিটোৰ পৰা জিকিব নে নাই সেয়াও সন্দেহ হৈছে বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

লগতে পঢ়ক : 21ৰ' নিৰ্বাচনত বিপিএফৰ সংগ এৰিব বিজেপিয়ে : হিমন্তৰ ইংগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.