বাক্সাঃ ২৬ মাৰ্চ: শুকুৰবাৰৰ পৰা বাক্সাত ইভিএম মেচিনৰ কমিচনিঙৰ কাম আৰম্ভ হয় । বাক্সা জিলাৰ উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়া ৰঞ্জন শৰ্মাই কয় যে, জিলাখনৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংস্থাপনৰ কৰা ষ্ট্ৰং ৰূমত আৰম্ভ হোৱা কমিচনিঙৰ কাম আজি আৰম্ভ হৈছে যদিও শনিবাৰলৈ চলিব ।
ইভিএম মেচিন সমূহৰ সকলো কাম সম্পূৰ্ণ হোৱাৰ পিছত ষ্ট্ৰং ৰূমত ভৰাই দিয়াৰ পিছত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ দ্বাৰা সুৰক্ষিত কৰি ৰাখিব । ইতিমধ্যে দুটা প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত আৰু এটা প্ৰশিক্ষণ বাকী থকা বুলি মন্তব্য কৰি কয় যে, আগন্তুক নিৰ্বাচনত সমূহ বাক্সাবাসীয়ে নিৰ্ভয়ে ভোটদান কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন