বৰমা, ৩০ নবেম্বৰ: বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইদিনমান বাকী ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত বাক্সাত পুনৰ সংঘটিত হৈছে নিৰ্বাচনকেন্দ্ৰিক আক্ৰমণৰ ঘটনা। দেওবাৰে সন্ধিয়া বিপিএফ দলৰ কেইজনমান যুৱকে নিৰ্বাচনী প্ৰচাৰ চলাই আছিল ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভালুকদঙাত । সেই সময়তে কেইগৰাকীমান ইউপিপিএল দলৰ সমৰ্থকে নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে বিপিএফৰ সমৰ্থকসকলক।
প্ৰথমে দুই পক্ষৰ মাজত কথাৰ কটাকটি আৰম্ভ হয়। তেনে অৱস্থাতে বিপিএফৰ সমৰ্থক মনোজ কলিতা নামৰ যুৱকজনক নিৰ্বাচনী প্ৰচাৰ চলাই অহা ইউপিপিএলৰ সমৰ্থকে ৰাজপথতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ফলত মূৰ আৰু চকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মনোজ কলিতা ৷ প্ৰথমে বৰমা প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ কৰে চিকিৎসকে।
ইফালে ইউপিপিএলৰ সমৰ্থকসকলৰ মতে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাত ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ মেদাঘাটৰ বিপিএফ কাৰ্যালয়ৰ সন্মুখত প্ৰায় ২৫ জনীয়া দল এটাই তেওঁলোকৰ AS 01 DA 3014 নম্বৰৰ চাৰিচকীয়া বাহনখনত শিলগুটি নিক্ষেপ কৰাত বাহনখনৰ পিছফালৰ গ্লাচ চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে ঘনকান্ত ৰামছিয়াৰী নামৰ এজনলোক আঘাত প্ৰাপ্ত হয় ৷ বাহনত শিলগুটি নিক্ষেপ কৰা ঘটনাত জড়িত থকা ৰিনদাও বসুমতাৰী আৰু ৰাজীৱ বড়োৰ বিৰুদ্ধে বৰমা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ইউপিপিএলৰ সদস্য়সকলে।
লগতে পঢ়়ক: ৰাজ্য়ত বিভিন্ন স্থানত গুৰুনানকৰ জন্ম জয়ন্তী উদযাপন