ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰৰ মাজতে দাহ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা - বাক্সা

ইফালে নিৰ্বাচনী প্ৰচাৰ, আনফালে উত্তাল প্ৰতিবাদ ৷ বাক্সাৰ বাগানপাৰাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ সময়তে একাংশ বিপিএফ কৰ্মীয়ে দাহ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা ৷

Effigy of himanta biswa sarma burn in baksa assam etv bharat news
উত্তাল প্ৰতিবাদ
author img

By

Published : Nov 28, 2020, 5:40 PM IST

বৰমা,28 নৱেম্বৰ: বাক্সাৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিপিএফ কাৰ্যালয়ৰ সন্মুখত শনিবাৰে একাংশ বিপিএফ কৰ্মীয়ে দাহ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা ৷ প্ৰতিবাদকাৰীসকলে সমান্তৰালভাৱে দাহ কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক ইমানুৱেল মুছাহাৰীৰ পুত্তলিকা ৷ তদুপৰি হিমন্ত বিশ্ব শৰ্মা গ’ বেক, বিশ্বাসঘাটক বিশ্বজিৎ দৈমাৰী গ’ বেক আদি ধ্বনিৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ

উল্লেখ্য যে, বিটিচি নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ বাবে বিটিচিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ শনিবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে বাগানপাৰা পৰিষদীয় সমষ্টিলৈ আগমন ঘটে স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ৷ হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ সময়তে সাব্যস্ত কৰা এনে প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ লগতে এনে প্ৰতিবাদে বিটিচিৰ নিৰ্বাচনী প্ৰেক্ষাপট সলনি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

লগতে চাওকঃ গগৈ বনাম মহন্তঃ কোনে দিছিল অসমৰ অৰ্থনীতিক নতুন গতি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.